অসম

লিডুত ডাম্পাৰ চালকৰ দৌৰাত্ম, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ গুৰু গোসাই নমনা একাংশ ডাম্পাৰ চালকৰ বাবে লিডুত এতিয়া সঘনাই সংঘটিত হবলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত হ'ব লগা হৈছে সাধাৰণ ৰাইজ৷ ইয়াৰ পাছতো নিৰৱ ভুমিকাত স্থানীয় আৰক্ষী-প্ৰশাসন৷ যাৰ বাবে মঙলবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী।

লিডুৰ বিৰলাগেটস্থিত ৩৮ নং ৰাষ্টীয় ঘাইপথত টায়াৰ জ্বলাই সংগঠনটোৱে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ দাবী ডাম্পাৰ চালকৰ দৌৰাত্ম শীঘ্ৰেই বন্ধ কৰাৰ৷ নহলে সংগঠনটোৱে হাত সাৱটি বহি নাথাকে বুলিওঁ হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে, সোমবাৰে নিশা বৰগোলাইত ডাম্পাৰৰ খুন্দাত এজন যুৱক থিতাতে নিহত হ'ব লগা হোৱা ঘটনাই সমগ্ৰ এলেকাটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷