অসম

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব লাভলিনা বৰগোঁহায়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসস কন্যা বক্সাৰ লাভলিনা বৰগোঁহায়ে। অহা ২১ মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ দেশৰ তাৰকা এম চি মেৰী কমেও অংশ গ্ৰহণ কৰিব।

চেম্পিয়নশ্বিপত ৬৯ কিল'গ্ৰাম শাখাত অসম কন্যা গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে ৫১ কিল'গ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মেৰী কমে।

উল্লেখ্য যে, অসম কন্যা লাভলিনাই ইতিপূৰ্বে বিশ্ব বক্সিং টুৰ্ণামেন্টত দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰি খিতাপ অৰ্জন কৰিছিল। এইবাৰ পুনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নিজকে খিতাপৰ দাবীদাৰ হিচাপে প্ৰতিপন্ন কৰিব। চেম্পিয়নশ্বিপত ভাৰতৰ হৈ পূজা ৰাণী আৰু চিমৰণজিৎ কৌৰেও অংশগ্ৰহণ কৰিব। ইয়াৰ উপিৰও আটাইকেইগৰাকীয়ে টকিঅ'ত অনুষ্ঠিত মহিলা বক্সিঙতো অংশগ্ৰহণ কৰিব।