অসম

পদপথত জীৱন সংগ্ৰাম দৃষ্টিহীন লতিফ আলীৰ, নেদেখাজনক চৰকাৰেও নেদেখেঃ লতিফ আলী, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন লোকক মনোৰঞ্জনৰ খোৰাক দি ভালপোৱা লতিফৰ কণ্ঠ পালেগৈ ষ্টুডিঅ'। প্ৰায় ৩০ বছৰীয়া এজন যুৱক। গীত গাই ভাল পায় তেওঁ। সকলো লোককে তেওঁ হহুৱাই ৰাখিবলৈ চেষ্টা কৰে। কিন্তু তেওঁৰ আক্ষেপ তেওঁকহে বোলে নেদেখে চৰকাৰে। হাঁহিবলৈ কোনেও নিশিকাই লতিফ আলীক। অৱশেষত আহিল ভাল দিন। হাহিবলৈ শিকিলে লতিফে।

সেয়া সম্ভৱ কৰি তুলিছিল জনপ্ৰিয় সংগীতকাৰ মানস হাজৰিকাই। অসমৰ বিভিন্ন চক-বজাৰ, নগৰ-মহানগৰৰ পদপথত গীত গাই জীৱন সংগ্ৰাম চলাই যোৱা লতিফে পালে সুবৰ্ণ সুযোগ। লতিফ এজন বিশেষভাবে সক্ষম যুৱক। যুৱকজন নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সোনাপুৰ গাঁৱৰ সকলো লোকৰ বাবে পৰিচিত।

লতিফ আলীৰ বয়স ৩০ বছৰ। ১০বছৰ বয়সতে চকুৰে নেদেখা হোৱা লতিফ আলীয়ে ১৬ বছৰ ধৰি এনেকৈ বিভিন্ন জনপ্ৰিয় গীত পদপথত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰি আহিছে। তেওঁৰ লগত এজন সহযোগী থাকে। দিনটোৰ উপাৰ্জনৰ পৰা কিছু টকা সহযোগীজনক দিয়াৰ পিছত ৩০০-৪০০ টকা থাকে বুলি জানিবলৈ দিয়ে লতিফ আলীয়ে।

২০১৭ চনৰ ২০ এপ্ৰিলত গুৱাহাটীৰ হাতীগড় চাৰিআলিত ফুটপাথত ট্ৰেকত গীত পৰিবেশন কৰি থাকোঁতে অসমৰ জনপ্ৰিয় সংগীতকাৰ মানস হাজৰিকাই লতিফ আলীৰ গীত শুনি আপ্লুত হৈছিল। আৰ্থিক ক্ষেত্ৰৰ লগতে আন কোনো কাৰকে আগবাঢ়ি যোৱাত কোনো লোকক বাধা দিব নোৱাৰে যদিহে একান্ত মনে কৰা হয় কোনো কাম। তাকে সঁচাত প্ৰতিপন্ন কৰিলে এইজন যুৱকে।

লতিফৰ কণ্ঠৰ অনুৰাগী প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। পূৰ্বৰ সেই লতিফ এতিয়া এনেকৈয়ে সুখী। তেওঁক লগপাই আচৰিত হৈছিল মানস হাজৰিকা। প্ৰশংসা কৰিছিল লতিফ আলীৰ কন্ঠৰ। গান গাই থকা দেখাপোৱাৰ পিছদিনা অৰ্থাৎ ২১ এপ্ৰিলত লতিফ আলীক মানস হাজৰিকাই নিজৰ ষ্টুডিঅ'লৈ মতাই নি এটি গীত বাণীবন্ধন কৰে আৰু লতিফ আলীৰ কন্ঠ শুনি অভিভূত হৈ পৰে মানস হাজৰিকা।

সেই তেতিয়াৰ পৰাই লতিফ আলীৰ কণ্ঠই পাইছিল স্বীকৃতি। তেতিয়াৰে পৰা পোৱা নতুন উদ্যমেৰে এতিয়াও থমকি নোৰোৱা লতিফে দৈনিক আগবঢ়াই গৈছে জীৱন সংগ্ৰাম। শুকুৰবাৰে লতিফ আলীয়ে বৰপেটা আদালতৰ সন্মূখত ফুটপাথত গীত পৰিবেশন কৰি শ শ দৰ্শকক আপ্লুত কৰে।

উল্লেখ্য যে, বিশেষভাবে সক্ষম হোৱা হেতুকে লতিফ আলীৰ ঘৰুৱা অৱস্থা ভাল নহয় বুলি তেওঁ জানিবলৈ দি চৰকাৰৰ পৰা সহায়ৰ আহ্বান কৰিছে। তেওঁ কয় যে, যোৱা ৮ বছৰে চৰকাৰী আৱাস গৃহৰ বাবে আবেদন কৰিও বঞ্চিত হৈ আছে লতিফ আলী। নেদেখাজনক চৰকাৰেও নেদেখে বুলি ক্ষোভ প্ৰকাশ কৰে বিশেষ ভাবে সক্ষম যুৱক লতিফ আলীয়ে।