অসম

বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ভক্তপ্ৰাণ সত্ৰবাসীয়ে শোক প্ৰকাশ কৰিছে৷

বাজপেয়ীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্ত, নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে কয় যে প্ৰকৃতাৰ্থত ভাৰতবৰ্ষই নিজৰ অমূল্য ৰত্ন হেৰুৱালে৷

ইফালে আজি প্ৰয়াত নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ দিনটোত বৃহত্তৰ বটদ্ৰৱাবাসীয়েও বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনোৱাৰ লগতে স্বতঃস্ফূৰ্ত বন্ধ পালন কৰা পৰিলক্ষিত হয়৷