অসম

বান্দৰদেৱাত নিশা ভূমিস্খলনৰ ঘটনা,হোটেলৰ লগতে কেইবাখনো ট্ৰাকৰ ব্যাপক ক্ষতি…

asomiyapratidin

ডিজিটেল সংবাদ,বান্দৰদেৱা : বৃহস্পতিবাৰে নিশা বান্দৰদেৱাত সংঘটিত হ'ল এক ভয়াবহ ভূমিস্খলনৰ ঘটনা।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৰুণাচলৰ দিশে থকা পাহাৰ খহাৰ ফলত এখন হোটেল সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপৰি পাৰ্কিঙত থকা কেইবাখনো ট্ৰাক ক্ষতিগ্ৰস্ত হয়।

উক্ত ঠাইখন অতি বিপদজন হোৱা স্বত্বেও অৰুণাচল প্ৰশাসনে ট্ৰাক পাৰ্কিঙৰ অনুমতি দি ৰখাৰ বাবেই ভূমিস্খলনৰ বাবে এনেধৰনৰ ঘটনা সংঘটিত হবলৈ পালে।নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়ত বহু সময়ৰ বাবে বন্ধ হৈ পৰাত লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰাহে চেষ্টা কৰি নিশাৰ ভিতৰতে পথটোৰে যাতায়ত সম্ভবপৰ কৰি তোলা হয়।