অসম

৩ দিনৰ পিচত লামডিং- বৰাক সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিস্খলন পৰিদৰ্শন কৰিলে চক্ৰ বিষয়া তথা লামডিং প্ৰশাসনে…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ লামডিং আৰু ম্যানমাৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ বাতৰি যোৱা মঙলবাৰে প্ৰতিদিনত প্ৰকাশ পোৱাৰ পিছত গা লৰিছে জিলা প্ৰশাসনৰ। ফলত ভূমিস্খলনৰ ঠাই ডোখৰ বুধবাৰে লংকা চক্ৰ বিষয়া গর্গ মোহন দাস আৰু লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মীনাকান্তি দত্তই পৰিদৰ্শন কৰাৰ পিছত মেৰামতি নোহোৱা লৈকে সেই পথৰে আহ যাহ বন্ধ কৰি দিয়ে।

বিভাগীয় কৰ্তৃপক্ষই চাৰি লেন যুক্ত পথৰ এটা দিশ বন্ধ কৰাত এতিয়া ওৱানৱে হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো।উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত হৈছিল ভয়ংকৰ ভূমিস্খলন।ভূমিস্খলনে খহাই নিছিল পথছোৱাৰ বৃহৎ অংশ।

লামডিং ম্যানমাৰ সংযোগী প্ৰধানমন্ত্ৰীৰ চড়ক যোজনাৰ কোটি টকীয়া এই পথছোৱা অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মান কৰাৰ অভিযোগ উঠিছে। যাৰ বাবে তিনিটা দিনৰ ভিতৰতে সাধাৰন বৰষুণতে চপৰা চপৰকৈ খহিল পৰিছিল পথচোৱা