অসম

লামডিঙত পথৰ ওপৰতেই গছ পুলি ৰুই প্ৰতিবাদ সাব্যস্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ পূৱ লামডিং গাওঁ পঞ্চায়তৰ অধীনস্থ নতুন বস্তিৰ এটা পথৰ দুৰাৱস্থাৰ বাবে দেওবাৰে স্থানীয় ৰাইজ আৰু শিশুসকলে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। পথছোৱাৰ ওপৰতে গছপুলি ৰুই তেওঁলোকে প্ৰতিবাদ কৰে৷ নতুন বস্তিৰ ৰাইজে অভিযোগ কৰা মতে নতুনকৈ গঠন হোৱা পঞ্চায়তৰ সদস্যৰ লগতে লামডিঙৰ বিধায়ক শিবু মিশ্ৰয়ো এই পথছোৱা উন্নীত কৰাত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ সামান্য বৰষুণ পৰিলেই পথচোৱা বোকা পানীৰে ভৰা পথাৰ সদৃশ হৈ পৰে৷

আনফালে পথচোৱাৰে প্ৰতিদিনে যাতায়ত কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও অতিষ্ঠ হৈ পৰিছে পথচোৱাৰ দুৰাৱস্থাৰ বাবে৷ সেয়েহে উপায়হীন হৈ দেওবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গাঁৱৰ ৰাইজে প্ৰতিবাদত নামি পৰে৷ লগতে তেওঁলোকে লামডিঙৰ বিধায়কগৰাকীক অনুৰোধ জনাইছে যে, অতি সোনকালে তেওঁলোকৰ পথটো মেৰামতি কৰিবলৈ৷