অসম

লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ লকডাউনৰ সময়চোৱাত বৰ্তমান একাংশ ব্যৱসায়ীৰ অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে এফালে যদি দোকান প্ৰহাৰ খোলাৰ নিৰ্দেশ দিছে আনফালে আকৌ দিশহাৰা হৈ পৰিছে চেলুনৰ কৰ্মচাৰী সকল ৷ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে চেলুন পাৰ্লাৰ খোলাৰ নিৰ্দেশ বৰ্তমানলৈ দিয়া নাই ৷

যোৱা তিনিমাহে লামডিং এই চেলুনৰ ব্যৱসায়ীসকলে চৰকাৰৰ নিৰ্দেশ মানি আহিছে ৷ কিন্তু বৰ্তমান চৰকাৰ তথা চৰকাৰী প্ৰতিনিধিৰ পৰা কোনো সাহাৰ্য্য নোপোৱাত অসহায় হৈ পৰিছে ৷ লামডিঙত আজি চেলুন সন্থাই মৌন প্ৰতিবাদ কৰে ৷ লামডিঙৰ মুঠ ১৩০ খন চেলুনৰ লগত জড়িত কৰ্মচাৰী সসকলে লামডিঙ স্থিত খেলপথাৰত এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰ নিৰ্দেশ অনুযায়ী সামাজিক ব্যৱধান ৰাখি ১৩০ খন দোকানৰ কৰ্মচাৰী ভিতৰত আধা সংখ্যক নাপিতসকলে মুখত মাষ্ক পৰিধান কৰি অংশগ্ৰহণ কৰে এই মৌন প্ৰতিবাদ।নাপিত সন্থাই এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক প্ৰতি আহ্বান যে তেওঁলোকৰ পৰিয়াল চলিব পৰাকে আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰি দিয়ক নহলে তেওঁলোকে গভীৰ সংকটত পৰিব পৰিয়ালক পোহপাল দিয়াত।

অন্যথা চৰকাৰে প্ৰতিখন চেলুন খোলাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ লামডিং চেলুন সন্থাই চেলুন খোলাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আজি হোজাই জিলাৰ উপায়ুক্ত, লামডিঙ সমষ্টি বিধায়ক আৰু লামডিঙ আৰক্ষীক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে