অসম

লামডিং ষ্টেচনত যাত্ৰীক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই চলায় লুট-পাত, অচেতন অৱস্থাত উদ্ধাৰ ডিমাপুৰৰ পৰা শিলচৰলৈ যাত্ৰা কৰা ৰেল যাত্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ , লামডিংঃ লামডিং ৰেলৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা ৷ ৰেল যাত্ৰীক নিচাঁজাতীয় দ্ৰব্য সেৱন কৰাই লুটপাত চলোৱা এজন দুৰ্বৃত্তক আজি নিশা লামডিং ৰেল সুৰক্ষা বাহিনীৰ দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ পৰা শিলচৰলৈ যাত্ৰা কৰা এজন ৰেল যাত্ৰীক চাহত নিচাজাতীয় দ্ৰব্য মিহলাই সেৱন কৰোৱাৰ পিছত যাত্ৰী জনৰ সমুদায় বয়বস্তু লৈ পলায়ন কৰিবলৈ লওঁতে ৰেলৰ আৰক্ষীৰ জালত পৰে এইজন কাকীৰ বিলালউদ্দিন। কিন্তু বিলালউদ্দিনৰ আন দুই সহযোগী লংকাৰ তাজউদ্দিন আৰু যমুনামুখৰ নাচিৰুদ্দিন সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে ৷

ধৃত বিলালউদ্দিনৰ ভয়ংকৰ ভাষ্য শুনক কিদৰে তেওঁলোকে দীৰ্ঘদিন ধৰি যাত্ৰী সকলৰ লগত পোনতে চিনাকী হৈ চাহ বা ঠাণ্ডা পণীয়ৰ লগত নিচাজাতীয় টেবলেট খুৱাই সৰ্বস্ব লুটি লৈ যায় ৷ বিগত এটা সপ্তাহৰ ভিতৰত দুৰ্বৃত্ত দলটোৱে চাৰিজনকৈ যাত্ৰীক লুট পাত কৰি আহিছিল ৷

শুকুৰবাৰে নিশাও যাত্ৰী গৰাকীক লামডিং ষ্টেচনত নিচাজাতীয় টেবলেট খুৱাই নগদ ৪৮৫০০ টকা আৰু ম'বাইল লৈ পলাৱলৈ লওঁতে আৰক্ষীৰ জালত পৰে কুখ্যাত দুৰ্বৃত্তটো ৷ আটক কৰা ধৃত বিলালউদ্দিনৰ পৰা নিচাজাতীয় টেবলট আৰু মোবাইল ফোন উদ্ধাৰ কৰে ৷ ইপিনে লামডিং আৰপিএফে অচেতন অৱস্থাত ৰেল যাত্ৰী গৰাকীক উদ্ধাৰ কৰি লামডিং ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰাইছে যদিও বৰ্তমানলৈকে অচেতন যাত্ৰী গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷