অসম

শিশু ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে লামডিঙত প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ,লামডিংঃ হোজাই জিলাৰ দৰিয়াবস্তিত যোৱা বুধবাৰে এটি পাঁচ বছৰীয়া নিষ্পাপ শিশুক জঘন্যভাবে ধৰ্ষণ আৰু হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি আজিও চাঞ্চল্য অব্যাহত আছে ৷ চন্দন হৰিজন নামৰ পাষণ্ড যুৱক এজনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড ৷

শিশটোক ধৰ্ষণ কৰাৰ পিচত হত্যা কৰিছিল।হোজাইৰ দৰিয়াবস্তিৰ এখন নিজান বননিত তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হৈছিল শিশুটোৰ মৃতদেহ৷বুধবাৰে আবেলিৰ পৰা নিখোজ হৈ আছিল দাৰিয়াবস্তিৰ শিশুটি৷

কালি পুৱা শিশুটিৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে৷পৰবৰ্তী সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল অভিযুক্ত চন্দনক।সেই দেৱ শিশুটিৰ আত্মাৰ সদগতি আৰু দোষীক ফাঁচীৰ দাবীত আজি ৰেলনগৰী লামডিঙত হোজাই জিলা গোৰ্খা সন্মিলন তথা লামডিঙৰ ৰাইজে এক মৌন সমদল উলিয়ায়।

হোজাই জিলাৰ বিজেপিৰ সম্পাদিকা সংগীতা ছেত্ৰীয়ে হোজাই জিলা অধিবক্তা সন্থালৈ আহ্বান জনায় কয় যে ন্যায়ালয়ৰ এজনো অধিবক্তাই ধৰ্ষণকাণ্ডৰ এনে ধৰণৰ অপৰাধীৰ হকে গোচৰ নলয় ৷ অপৰাধীক কঠোৰ শাস্তি বিহি দেৱ শিশুটিক ন্যায় দিবলৈ তেওঁ আহ্বান জনায় ৷