অসম

লামডিং জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক বাহিনী এতিয়া ধোৱা চাঙত

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত বিধ্বংসী অগ্নিকাণ্ড ৷ লামডিঙত বুধবাৰে হঠাতে লগা জুইয়ে নিমিষতে সমগ্ৰ অঞ্চল কলা ধোৱাই চানি ধৰে আৰু চাঞ্চল্যৰ সৃষ্টি কৰে ৷ লামডিং অফিচাৰ্চ কলনিস্থিত লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধক(ডি আৰ এম)ৰ ৰেলৱে বাংলোত সংঘতিত হয় এই ঘটনা ৷ এইজুই সম্পূৰ্ণৰূপে জাঁহ যায় ৰেলৱে বাংলোটো ৷

বৃট্ৰিছৰ দিনতে নিৰ্মান কৰি ডি আৰ এমৰ বাংলৌ লগা জুই কৰ পৰা কেনেকৈ লাগিল সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত ৷ কিয়নো জুইৰ সুত্ৰপাত হোৱাৰ সময়ত কৰ্মৰত পিয়ন, ঘৰৰ সুৰক্ষাত নিয়োজিত জোৱানকে আদি কৰি বহুতো কৰ্মচাৰী উপস্থিত আছিল যদিও কোনোৱে সঠিক কৈ ক'ব পৰা নাই যে এই জুইৰ সুত্ৰপাত ক'ৰ পৰা কেনেকৈ হ'ল ৷

ঘৰৰ পিয়নৰ মতে গৃহটোত ৰেলৱেৰ মেডিকেল বিভাগৰ পৰা ম'হৰ ধোঁৱা দিবলৈ গৈছিল ৷ কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই অগ্নিকাণ্ডৰ ৰহস্য ৷ ঘটনাটোৰ ফলত কেইবা লক্ষ সা-সম্পত্তি ভষ্মিভূত হোৱাৰ লগতে ডি আৰ এমৰ পোহনীয়া কুকুৰটো নিহত হয় ৷ স্থানীয় ৰাইজ তথা ৰেল কৰ্মচাৰীয়ে অগ্নিনিৰ্বাপক বাহিনী পলমকৈ আহি পোৱাত ক্ষোভৰ বিস্ফোৰণ হয়।

স্থানীয় ৰাইজে কয় যে লামডিঙৰ অগ্নি নিৰ্বাপক বাহিনী প্ৰতিটো সময়তে ব্যৰ্থ হয় আৰু সময়মতে কেতিয়াও আহি নাপাইহি ৷ দাওদাওকৈ জ্বলি থকা জুই নুমুৱাত সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপক বাহিনী ব্যৰ্থ হোৱাৰ লগতে লংকাৰ পৰাও দুখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৰেলৱে বাংলোটো ছাই হোৱাৰ পিছত উপস্থিত হয়হি ৷