অসম

চৰকাৰলৈ বাট চাই বিমুখ, লালুকত ৰাইজে মেৰামতি কৰিলে পথ…

asomiyapratidin

ডিজিটেল সংবাদ,লালুকঃ ৰজাঘৰীয়াই যাতায়তৰ সুচল ব্যৱস্থা নকৰাৰ বাবেই উপায়ন্তৰহৈ গাঁঠিৰ ধন ভাঙি অৱশেষত নিজেই চলাচলৰ একমাত্ৰ পথটো মেৰামতি কৰাত লাগি গ'ল স্থানীয় যুৱকসকল৷ অতি পৰিতাপৰ কথা যে লালুক ডুবিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পিলখানা সংযোগী পথটো বিগত পঞ্চাশ বছৰে কেৱল মেৰামতি কৰাৰ নামত লাখ লাখ টকা অপচয় কৰিলে যদিও উন্নয়নৰ নামত কিন্ত শূন্য হে হ'ল৷

স্থানীয় ৰাইজে বহুবাৰ লখিমপুৰ জিলা উপায়ুক্ত, বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সঁহাৰি নাপায় অৱশেষত ৰাইজে নিজাকৈ চলাচলৰ সুচল কৰাত হাত উজান দিয়ে৷ উল্লেখ্য যে ডুবি পিলখানা সংযোগী পথটো বগলী বনাঞ্চল সংযোগৰ অন্যতম পথ৷ সেই সূত্ৰে পথটোৰ মেৰামতি কৰাৰ দায়িত্ব বগলী খণ্ড বীট কাৰ্যালয় তথা লখিমপুৰ জিলা বন সংৰক্ষণ বিভাগৰ৷

তেনেস্থলত ৰাইজে বহুত আবেদন নিবেদন কৰি অহাৰ পাছতো মাজে সময়ে কেৱল সামান্য পৰিমাণে শিল বালি পেলাইয়ে বহু ধন শৰাধ কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰিছে৷ এজাক বৰষুণ দিলেই যাতায়াতত ব্যাপক সমস্যাৰ উদ্ভৱ হোৱা পথটোৰ উন্নয়নৰ বাবে স্থানীয় বিধায়ক, সাংসদক পথটোৰ উন্নয়নৰ বাবে আৰু বন বিভাগৰ আওতাৰ পৰা মুক্ত কৰিবলৈ দাৱী জনাই আহিছিল যদিও আজিও সেয়া হৈ নুঠাত আক্ষেপ প্ৰকাশ কৰিছে ৰাইজে৷ দেওবাৰে বগলী নৈৰ শিল বালি আনি স্থানীয় ৰাইজ তথা যুৱকসকলে পথতোৰ বিভিন্ন স্থানত হোৱা দ'গাত সমুহ পুতি দি যাতায়তৰ সুচল কৰে৷