অসম

লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ…

asomiyapratidin

ডিজিটেল সংবাদ, লালুকঃ লালুকত বিগত এপক্ষেক ধৰি হৈ থকা বানৰ প্ৰকোপত ৰাইজৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তৰাজুলিত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ অনুস্থিত কৰে৷

লালুক আদৰ্শ চিকিৎসালয়ৰ সহযোগত স্থাপন কৰা চিকিৎসা শিবিৰত তৰাজুলি খ্ৰীষ্টান গাঁৱৰ প্ৰায় ডেৰ শতাধিক ৰাইজে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰে৷ লগতে বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ ঔষধ লাভ কৰে৷ শিবিৰত লালুক আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ ভাৰতী বৰা, ডাঃ প্ৰদীপ কুমাৰ দেউৰী আৰু চিকিৎসা কৰ্মীসকল উপস্থিত থাকি চিকিৎসা সেৱা প্ৰদান কৰে৷

এই বিনামূলীয়া চিকিৎসা শিবিৰত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত বৰা, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ উপ সভাপতি অপু ৰাজবংশী, লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বলীন গগৈ, সম্পাদক দিব্যজ্যোতি গগৈ উপস্থিত থাকে৷

আনহাতে, চিকিৎসা শিৱিৰৰ লগত সংগতি ৰাখি আছু কৰ্মীসকলে ৰাইজৰ মাজত এহাজাৰ লিটাৰ বিশুদ্ধ খোৱা পানী বিতৰণ কৰে৷ আছুৱে জনোৱা মতে বানাক্ৰান্ত অঞ্চলত চিকিৎসা শিবিৰ অব্যাহত থাকিব৷