অসম

বাঢ়নী পানীয়ে বিধ্বস্ত কৰা পথত ৰাইজে বনাইছে বাহৰ দলং…

asomiyapratidin

ডিজিটেল সংবাদ,লালুকঃ একেৰাহে হৈ থকা বৰষুণ আৰু গাভৰু,পাভ, মেনেহা, শিঙিয়া, ঘোৰাকটা নৈ বাঢ়নী পানীয়ে লালুক আৰু বঙালমৰাৰ বিভিন্ন অঞ্চলত বান সৃষ্টি কৰি ৰাইজক জ্বলাকলা খোৱাইছে৷ তাৰ মাজতে বঙালমৰাৰ ইছলামপুৰ হৈ শালমৰা-বৰছলা সংযোগী পথটোৰ কেইবা ঠাইতো পাভ আৰু ঘোৰাকটা নৈ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত বিগত কেইবাদিনো ধৰি যাতায়ত ব্যাহত হৈ আছে৷

অঞ্চলৰ ৰাইজে কাষৰীয়া অন্যান্য পথৰে বহু দূৰ বাটকুৰী বাই যাতায়ত কৰিব লগা হোৱাত স্থানীয় একাংশ লোকৰ তৎপৰতাত ছিঙা অংশত বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত সুচল কৰাৰ প্ৰচেষ্টা হাতত লয়৷ চৰকাৰী পক্ষৰ কথাৰ ফুলজাৰীলৈ বাট নাচায় একাংশ ৰাইজে বানপানীৰ মাজতে ঘৰে ঘৰে গৈ বাঁঁহ গোটাই আনি ছিঙা অংশ সমুহত নিজা শ্ৰমেৰে বাঁহৰ দলং সাজিছে৷

কুৰিখনৰো অধিক গাঁও সংযোগী পথটোৰ আকস্মিক বানৰ কবলত পৰি হোৱা এনে দুৰৱস্থাৰ লগত মকামিলা কৰিবলৈ নিজাকৈ এই দলং নিৰ্মাণৰ বাবে আগবাঢ়ি অহা দেখি একাংশ উদ্যেমী লোকে হাত উজান দিছে৷ দেওবাৰৰে পৰা নিৰ্মাণ কাৰ্য চলোৱা বাঁঁহৰ দলংখন আজি সত্তৰ শতাংশ কাম সম্পুৰ্ণ কৰিছে৷ বানৰ সমান্তৰালভাৱে ৰাইজৰ বিভিন্ন বেমাৰ আজাৰে দেখা দিয়াৰ পৰিপেক্ষিতত ছিঙা অংশৰে ৰোগীক অনা-নিয়া কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ বাবেই বাঁহৰ দলংখন নিৰ্মাণ কৰাত সাময়িকভাবে সকাহ লাভ কৰিছে বুলি ভোক্তভোগী ৰাইজে মন্তব্য কৰিছে৷