অসম

কোভিড প্ৰট’কল মানি লালুকত ঈদৰ নামাজ…

asomiyapratidin

ডিজিটেল সংবাদ,বান্দৰদেৱা : লখিমপুৰ জিলাৰ এখন ঐতিহাসিক ঈদগাহ ময়দানত মাথো ৫জন মানুহে ঈদ উল ফিতিৰৰ নামাজ আদায় কৰিলে।বান্দৰদেৱাৰ সমীপৰ লালুকৰ নাদিকা-কাহিপৰা আঞ্চলিক ঈদগাহত কভিড প্ৰটোকল মানি সম্পন্ন হ'ল ঈদৰ নামাজ।

এই ঈদগাহত বিগত বছৰত হাজাৰ হাজাৰ মানুহে একত্ৰিত ভাবে সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰিছিল। কিন্তু এইবাৰ ক'ভিড প্ৰটকল অনুযায়ী মাথো ৫জন মানুহে নামাজ আদায় কৰিলে। নাদিকা বাসীয়ে সমগ্ৰ বিশ্বৰ শান্তি সম্প্ৰীতি, ঐক্য আৰু কৰোনা পৰা মুক্তি বিচাৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা বিচাৰিলে পবিত্ৰ ঈদৰ এই দিনটোত।