অসম

লালুকত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি ছাত্ৰ সন্থা-এজেৱাইচিপিৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, লালুকঃ এন এইচ পি চিৰ বিৰুদ্ধে অব্যাহত আছে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।সান্ধ্য আইনৰ অচিলা লৈ চৰকাৰৰ পৃষ্ঠপোষকতাত অব্যাহত আছে নিৰ্মাণ সামগ্ৰী সৰবৰাহ। লালুকত সোমবাৰে সন্ধিয়া সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্হাৰ উদ্যোগত লালুক নাঁওবৈছা হাৰমতী আঞ্চলিক ছাত্ৰ সন্হাৰ লগতে জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ লালুক নাঁওবৈছাৰ আঞ্চলিকৰ সহযোগত সান্ধ্য আইন উফৰাই ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিবাদ। ৰাজপথত টায়াৰ জ্বলাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।