লখিমপুৰ

চৰকাৰী বিনামূলীয়া চাউলৰ ভয়ংকৰ পাৰ্শ্বক্ৰিয়াঃ ছন পৰিল লখিমপুৰতে ১৫ হাজাৰ হেক্টৰ মাটি...

Asomiya Pratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল “ চৰকাৰে জনতাক কোনো বস্তু বিনামুলীয়াকৈ দিব নালাগে ৷ এনে কৰিলে দেশত শ্ৰমজীৱি লোকৰ সংখ্যা কমিব ৷” সম্প্ৰতি এই কথাষাৰেই আমাৰ ৰাজ্যত পৰিলক্ষিত হৈছে ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যত সৃষ্টি কৰা বিভিন্ন হিতাধিকাৰী আঁচনিৰ ভয়ংকৰ পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ কৃষি ক্ষেত্ৰত পৰিলক্ষিত হৈছে ৷

চৰকাৰে যোগান ধৰা বিনামুলীয়া চাউল ,অৰুণোদয় ,কৃষক সমৃদ্ধি যোজনা ,পি এম কিষান ,মাইক্ৰফাইনেন্সৰ ঋন ৰেহাই ,অন্ত্যোদয়া ,নিবনুৱা ভাট্ৰা আদি বিভিন্ন হিতাধিকাৰী আঁচনিৰ লগতে শেহতীয়াকৈ লাখপতি বাইদেউ আঁচনিৰো পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ কৃষি ক্ষেত্ৰত প্ৰতিফলিত হৈছে ৷ চৰকাৰে ভোটাৰক আকৃষ্ট কৰি ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰৱৰ্তন কৰা আঁচনি বোৰৰ ফলত ৰাজ্যত হাজাৰ হাজাৰ শ্ৰমবিহীন লোকৰ সৃষ্টি হৈছে সেয়া চৰকাৰী বিভাগৰ তথ্যতে প্ৰকাশ পাইছে ৷

চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ ফলত এচাম এলেহুৱা লোকৰ সৃষ্টি কৰাৰ তথ্য ৰাজ্যৰ কৃষি বিভাগত পোৱা গৈছে ৷ হিতাধিকাৰী আঁচনি আৰু বিনামুলীয়া চাউল লাভৰ ফলত কেৱল লখিমপুৰ জিলাতে প্ৰায় ১৫ হাজাৰ কৃষক পৰিয়াল কৃষি কৰ্ম নকৰি ধোদ হ’ল যোৱা দুবছৰত ৷ ক’ৰনা মহামাৰীৰ পাছত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ হিতাৰ্থে প্ৰৱৰ্তন কৰা বিনামুলীয়া হিতাধিকাৰী আঁচনিয়ে ৰাজ্যৰ কৃষি ক্ষেত্ৰত ভয়ংকৰ প্ৰভাৱ পেলালে ৷

স্মৰ্তব্য যে লখিমপুৰত ১,৪৮,৮৫০ টা কৃষক পৰিয়াল আছে ৷ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ পাছত ইয়াৰে প্ৰায় ১৫ হাজাৰ পৰিয়ালে কৃষি কৰ্ম বাদ দিছে ৷ আনহাতে লখিমপুৰ জিলাৰ মুঠ ২,২৭,৭০০ হেক্টৰ মাটিকালিৰ ভিতৰত কৃষি ভূমি ১,৪৭,১৬২ হেক্টৰ কৃষি ভুমি ৷ কিন্তু বৰ্তমান জিলাখনত ১,৩২,৭১১,১৫ হেক্টৰ ভুমিতহে কৃষি কৰ্ম কৰা হৈছে ৷বাকী প্ৰায় ১৫০০০ হেক্টৰ কৃষি ভূমি ছন পৰি ৰৈছে ৷ এই তথ্য আমাৰ নহয় ৷ এয়া লখিমপুৰ জিলা কৃষি বিষয়া ভৱজিৎ দলেৰ তথ্য ৷ বিষয়া গৰাকীৰ মতে লখিমপুৰত দিনক দিনে কৃষকৰ সংখ্যা হ্ৰাস হৈছে ৷ কৃষি কৰ্ম কৰা লোকৰ সংখ্যা কমিছে যদিও জিলা খনত সাম্ভাৱ্য ১৫৫% কৃষি কৰ্মৰ গুৰুত্ব আছে ৷ ইয়াৰ মুখ্য কাৰণ চৰকাৰী কৃষি বিষয়া গৰাকীয়ে চৰকাৰে প্ৰৱৰ্তন কৰা হিতাধিকাৰী আঁচনি বুলি অভিহিত কৰিব খোজে ৷

বিষয়া গৰাকীৰ মতে পি এম কৃষাণ বা কৃষক সমৃদ্ধি যোজনাত লাভ কৰা ধন হিতাধিকাৰীয়ে প্ৰকৃত অৰ্থত খৰচ নকৰে ৷ আনহাতে চৰকাৰৰ ফ্ৰি চাউলৰ ফলত কৃষি কৰ্মৰ প্ৰতি ধাউতি কমিছে কৃষক পৰিয়ালৰ ৷ তদুপৰি পিতৃৰ মাটিদৰা আবাদি কৰি বহি ৰাজ্যত কৰ্মসংস্হাপনৰ বাবে থলুৱা খিলঞ্জীয়া যুৱকৰ বৰ্হি গমনে কৃষিৰ পৰিসৰৰ লগতে উৎপাদনত প্ৰভাৱ পেলাইছে ৷ প্ৰৰিপ্ৰেক্ষিতত লখিমপুৰত ধানৰ উৎপাদন হ্ৰাস হৈছে চলিত বৰ্ষত ৷ ২০২২-২৩ বৰ্ষৰ তুলনাত এইবাৰ লখিমপুৰত প্ৰায় চাৰিহাজাৰ মেট্ৰিকটন ধানৰ উৎপাদন হ্ৰাস হ’ল ৷ ২০২২-২৩ বৰ্ষত লখিমপুৰত ধানৰ উৎপাদন হৈছিল ২,৪৪,১৪৮ মেট্ৰিকটন ৷ পিছে ২০২৩-২৪ বৰ্ষত এই পৰিসংখ্যা ২,৪১,৪৯৫ মেট্ৰিকটনলৈ হ্ৰাস হ’ল ৷ কেৱল লখিমপুৰ কৃষি সংমণ্ডলতে ১২১০হেক্টৰ কৃষি ভূমি ছন পৰি ৰ’ল কেৱল চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ ফলত ৷