লখিমপুৰ

ঢকুৱাখনাত ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সভাঃ দলত যোগদান ২২গৰাকীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বুধবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয়। ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে সমষ্টি সমিতিৰ সভাপতি ঘনকান্ত খনিকৰে। খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰহ্লাদ গগৈয়ে।

সভাত ৰাজ্যিক সমিতিৰ সম্পাদক পদ্মকান্ত দলে, লখিমপুৰ জিলা সমিতিৰ সভাপতি আজাদ হাজৰিকা, জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰ্মল পায়েং, যুৱ বাহিনীৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দেৱজিৎ শইকীয়া আদি উপস্থিত থাকি দলীয় সাংগঠনিক দিশ আৰু সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই। সভাত দলৰ নেতৃত্বই আঞ্চলিক দলটোৰ বুনিয়াদ সবল কৰাৰ ক্ষেত্ৰত দলীয় কৰ্মকর্তাসকলৰ আত্মনিয়োগ কামনা কৰি অহা মে' মাহৰ ভিতৰত সমষ্টি সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

তাৰোপৰি সমাগত লোকসভা নিৰ্বাচনৰ কালত ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ সমৰ্থিত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক ভোটদান কৰাৰ বাবে দলৰ সকলো স্তৰৰ নেতা-কৰ্মীক আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয়। জনাকীৰ্ণ সভাতেই দলৰ প্ৰতি আকৃষ্ট ডিমৰুগুৰি পঞ্চায়ত, মাতমৰা পঞ্চায়ত আৰু পূব ঢকুৱাখনা পঞ্চায়তৰ ২২গৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। নবাগতসকলক ৰাজ্যিক আৰু জিলা নেতৃবৰ্গই দলীয় বস্ত্ৰৰে আদৰণি জনাই দলীয় দায়িত্ব অৰ্পণ কৰে।