বিজেপিৰ পৰা বহিস্কাৰ পাৰ্থ প্ৰতীম মিলিক...
বিজেপিৰ পৰা বহিস্কাৰ পাৰ্থ প্ৰতীম মিলিক...  
লখিমপুৰ

বিজেপিৰ পৰা বহিস্কাৰ পাৰ্থ প্ৰতীম মিলিক...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মণ্ডল বিজেপিৰ ভাতৃ সংগঠন মণ্ডল যুৱ মৰ্চাৰ সদস্য, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পূব ঢকুৱাখনা পৰিষদীয় সমষ্টিৰ পৰা বিগত নিৰ্বাচনত গেৰুৱা দলটোৰ পৰা অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰা পাৰ্থ প্ৰতীম মিলিক দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অপৰাধত গেৰুৱা দলটোৰ পৰা বহিস্কাৰ কৰা হয় ।

শনিবাৰে ঢকুৱাখনা মণ্ডল বিজেপিৰ কাৰ্য্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত সভাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই  ধাৰাবাহিক ভাবে মিলিয়ে দল আৰু সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ পৰৱৰ্তী সময়ত দলৰ তৰফৰ পৰা বহুবাৰ সকীয়নী প্ৰদান কৰাৰ পাছতো দলৰ নিৰ্দেশনা অৱমাননা কৰা বিষয়টো আলোচনা কৰা হয়।

জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , মণ্ডল সভাপতি সুনীল দলে আদি বহুতো বিষয়ববীয়া উপস্থিত থকা দলীয় সভাই ধাৰাবাহিক ভাবে দল বিৰোধী কাৰ্যকলাপত জড়িত হৈ অহা যুৱ মৰ্চাৰ সদস্য মিলিক তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা বহিস্কাৰ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এক বিবৃত্তি যোগে জনাইছে।