লখিমপুৰ

লখিমপুৰত জিলা হকী সন্থাৰ সমিতি গঠন..

Asomiya Pratidin

ডিজিটেল সংবাদ, লখিমপুৰ: লখিমপুৰত জিলা হকী সন্থাৰ সমিতি গঠন। লখিমপুৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সভাত হকী সন্থাৰ নৱ-নিৰ্মিত সমিতি গঠন কৰে লখিমপুৰ জিলা হকী সন্থাই।

সভাখনিত সভাপতি পদত শান্তনু বুঢ়াগোহাঁই, উপ-সভাপতি পদত নেপাল পুদ্দাৰ, উপ-সভাপতিপদত পিয়ুষ বৰুৱা, কোষাধ্যক্ষ পদত তাপস দেব, সাধাৰণ সম্পাদক পদত তিব্বত প্ৰসন্ন হাজৰিকা (চিকু হাজৰিকা), যুটীয়া সম্পাদক ও কাৰিকৰী উপদেষ্টা দেৱ কৃষ্ণ দুৱৰা, যুটীয়া সম্পাদক দুৰ্ল্লভ নাৰায়ণ নাথ, সহকাৰী সম্পাদিকা পদত পল্লবী বৰুৱা, সহকাৰী সম্পাদক পদত পুতুল কৃষ্ণ গোস্বামী, কাৰ্যকৰী সদস্য পদত ক্ৰমে মানস প্ৰতিম বৰা, লক্ষ্যজিৎ ভূঞা, বসন্ত দাস, শিৱনী শইকীয়া, কিষাণ গগৈ, মিলন্ত বৰুৱা, পলাশ শইকীয়া, ৰাজ দেউৰী, লক্ষ্যজিৎ দাস, ভৈৰব বৰাক দায়িত্ব অৰ্পণ কৰে।

উক্ত সভাখনিত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকে। লগতে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে পৃষ্ঠপোষক হিচাপে উপস্থিত থকাৰ পৰিলক্ষিত হয়। তদুপৰি সভাখনিত এছ.এল.এ.ছি'ৰ সদস্য সচিব গিতাৰ্থ গোস্বামী, অসম হকী সন্থাৰ সম্পাদক তথা অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাস, অসম হকী সন্থাৰ নিৰ্বাচন সমিতিৰ সদস্য ডঃ ভবেন্দ্ৰ নাথ মহন, অসম হকী সন্থাৰ টুৰ্ণামেণ্ট সমিতিৰ অধ্যক্ষ যুধিষ্ঠিৰ গগৈ, অসম হকী সন্থাৰ সদস্য ভাস্কৰ বিক্ৰম চেতিয়াৰ উপস্থিত থাকে।