লখিমপুৰ

বিধায়ক নৱ দলেৰ ভূমিকাত ক্ষুদ্ধ ভোটাৰ : ঢকুৱাখনাৰ ৩খন গাঁৱৰ লোকৰ ভোট বৰ্জন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী বিধায়ক, এখন দলং আৰু তিনিখন গাঁৱৰ ভোটাৰ সাম্প্ৰতিক সময়ত ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। দেশজুৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত হোৱাৰ দিনটোতে চৰ্চালৈ আহিছে এই তিনি কাৰক। কাৰণ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলাগুৰি, বাম চাপৰি আৰু লক্ষীপথাৰ গাঁৱৰ ৫শতাধিক ভোটাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ  দলেৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে শনিবাৰে চূড়ান্ত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে উক্ত তিনিওখন গাঁৱৰ ভোটাৰে একলগ হৈ ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে। এই চূড়ান্ত সংঘবদ্ধ সিদ্ধান্তৰ কাৰণ হৈছে এখন দলং । গাঁও তিনিখনৰ লগতে সমীপৱৰ্তী ৫খন গাঁও পঞ্চায়তৰ যোগাযোগৰ একমাত্ৰ পথ ঘিলাগুৰিৰ পৰা কাঠৰবাৰী সংযোগী লোকনিৰ্মান পথ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই গুৰুত্বপূৰ্ণ পথৰ চাৰিকড়িয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি দাবী জনাই আহিছিল। ভুক্তভোগী ৰাইজে বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱাক বহুবাৰ আবেদন জনাইও বিমুখ হৈ আহিছিল । এগৰাকী বিধায়কৰ সমষ্টিবাসীৰ প্ৰতি এনে চূড়ান্ত অৱজ্ঞা আৰু বঞ্চনাৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিছিল জৰাজীৰ্ণ বাঁহৰ দলঙৰ পাৰত। সকীয়নী দিছিল ভোট বর্জনৰ। কিন্তু দাম্ভিক অহংকাৰী বিধায়ক নৱ দলেৰ গা নলৰিল । পৰিণতিত শনিবাৰে তিনিওখন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে ভোট বৰ্জন কৰে।

গাঁৱৰ পথৰ ওপৰত ভোট বর্জনৰ বেনাৰ আৰি দি পঞ্জীভূত ক্ষোভ উজাৰে । পৰিপ্ৰেক্ষিতত ঘিলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অৱস্থিত ভোটকেন্দ্ৰত ভোটাৰ শূণ্য অৱস্থাত দেখা যায় বুলি জানিব পৰা গৈছে। এখন পকী দলঙ বিচাৰি দীৰ্ঘদিন ধৰি ৰাইজে কৰি অহা বাদ-প্ৰতিবাদলৈ বিধায়ক দলেয়ে বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অহা দায়িত্বহীন ভূমিকাৰ বাবেই সমজুৱা ভোট বৰ্জন কৰা বুলি ৰাইজে জনায়।

উল্লেখযোগ্য যে তিনিখন গাঁওবাসীৰ সমূহীয়া সিদ্ধান্ত যদি কোনোবাই ৰাজহুৱা সমস্যালৈ গুৰুত্ব নিদি ভোটদান কৰে তেন্তে অনাগত সময়লৈ গাঁৱখনৰ পৰা বহিস্কাৰ কৰাৰো উমৈহতীয়া সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰি থৈছে।