লখিমপুৰ

নাৰায়ণপুৰত আলি আঃয়ে লৃগাং উদযাপন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ অন্যতম ভূমিপূত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে নাৰায়ণপুৰৰ ’টিকিৰাই আলি আঃয়ে লৃগাং উদযাপন সমিতি’ৰ সৌজন্যত আৰু কৃষক মৰ্চাৰ , ভাৰতীয় জনতা পাৰ্টি , অসম প্ৰদেশৰ সহযোগত টিকিৰাইৰ চম্পানগৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে লৃগাঙ উদযাপন কৰে ৷

পৰম্পৰাগত বিভিন্ন কাৰ্যসূচীৰ লগতে মিচিং ডেকা-গাভৰুৰ ঐনিতমৰ সুৰ পৰু গুমৰাগৰ নৃত্যৰ লহৰত মুখৰিত হৈ পৰিছে নৈপৰীয়া টিকিৰাই অঞ্চল। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে লৃগাঙত অংশগ্ৰহণ কৰি অভিভূত হোৱাৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য গ্ৰহণ কৰে।

কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি তথা বিধায়ক উৎপল বৰা , সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, ৰাজ্যিক বিজেপিৰ উপসভাপতি অশোক ভট্টৰাই , বিজেপি ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ লগতে কেবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে।