অসম

লখিমপুৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশনঃ খবৰ ল’বলৈ আহৰি নাই শিক্ষামন্ত্ৰীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ লখিমপুৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভত ফাঁটি পৰিছে শ শ বেতন বঞ্চিত শিক্ষক। ৪দিন ধৰি আমৰণ অনশনত বহা এইসকল শিক্ষক-শিক্ষয়িত্ৰীৰ খবৰ ল'বলৈ কিন্তু আজৰি পোৱা নাই শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে।

দীৰ্ঘদিন ধৰি প্ৰাপ্য দৰমহাৰ দাবীত আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ আহ্বানেৰে এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আত্মজাহৰ দৰে কাৰ্যসূচী শিক্ষকসকলে বাতিল কৰিছিল যদিও বিষয়টো গুৰুত্ব নিদিয়াত এতিয়া হতাশ হৈ পৰিছে তেওঁলোক।

সম্প্ৰতি অনশনস্থলীতেই কেবাগৰাকীও প্ৰতিবাদকাৰী শিক্ষক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।