অসম

লখিমপুৰত সোৱণশিৰি নদীৰ খহনীয়া, প্ৰতিবাদত নামিল স্থানীয় ৰাইজ…

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ ভীমপৰা মথাউৰিত অব্যাহত আছে সোৱণশিৰি নদীৰ কালৰূপী খহনীয়া। মাটি-ভেটি হেৰুৱাইছে দুখীয়া দৰিদ্ৰ শতাধিক লোকে। স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খহনীয়া পৰিদৰ্শন কৰি খহনীয়া‌ৰোধৰ বাবে দিয়া প্ৰতিশ্ৰুতিও অসাৰ প্ৰতিপন্ন হ'ল বুলি অভিযোগ কৰে স্থানীয় লোকে।

শনিবাৰে সোৱণশিৰি নদীৰ পাৰত ভীমপৰা মথাউৰিৰ শতাধিক ৰাইজে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে হাতে হাতে প্লে'কাৰ্ড লৈ ভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিজ্ঞানসন্মত ভাৱে খহনীয়া ৰোধৰ ব্যৱস্থা কৰা, খহনীয়াত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়া, ভূমিহীন প্ৰতিটো পৰিয়ালক ভূমি আৱন্টন দিয়াৰ দাবীত উত্তাল হৈ পৰে সোৱণশিৰি নদীৰ পাৰ।

মাথোঁ ভোট লাভৰ আশাত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী নৱ দলেয়ে খহনীয়া ৰোধৰ মিছা প্ৰতিশ্ৰুতি দি খহনীয়াগ্ৰস্ত ৰাইজক ঠগি আহিছে বুলি ক্ষোভত ফাটি পৰে প্ৰতিবাদকাৰী ৰাইজ। আনহাতে দাবী সমূহ বিধানসভা নিৰ্বাচনৰ আগতে পূৰণ নকৰিলে ৰাইজে ভোট বৰ্জন কৰিব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷