অসম

লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়…

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ লকডাউনৰ বাবে দৰিদ্ৰ শ্ৰমিক পৰিয়াল সমূহত হাহাকাৰ পৰিস্থিতিৰ সুচনা হৈছে৷ যদিও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল সমূহক চৰকাৰীভাৱে যোগান ধৰা হৈছে তথাপি ৰেচন কাৰ্ড নথকা কেতবোৰ পৰিয়াল বিমুখ হৈছে৷ তদুপৰি, সেই পৰিয়াল সমূহৰ বাবে এক হাজাৰ টকাৰ নগদ অনুদানৰ ব্যৱস্থা কৰা হৈছে যদিও লখিমপুৰত আজি পৰ্যন্ত ঠায়ে ঠায়ে কাৰ্যত পৰিণত হোৱা নাই৷

ফলত জিলা খনৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ পৰিয়ালত সৃষ্টি হৈছে দুৱেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিৰ৷ এনে ২৫ টা পৰিয়ালক লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্য ড° উমাৰাম তামুলীয়ে সোমবাৰে ব্যক্তিগত ভাৱে খাদ্য সামগ্ৰী যোগান ধৰে ৷ নাৰায়ণপুৰ আৰু বিহপুৰীয়া ৰাজহ চক্ৰৰ পথালিপাহাৰ আৰু ৰঙতি নামৰ ঠাইত ২৫ টা দৰিদ্ৰ পৰিয়ালক শিক্ষাবিদ গৰাকীয়ে চাউল ৫ কেজি, আলু ৩ কেজি, মচুৰ দাইল ৩ কেজি , মগুৰ দাইল ১ কেজি , ১ কেজি পিয়াঁজ , ১ লিটাৰ মিঠাতেল , ১ কেজি নিমখ , দুই পেকেট বিস্কুট আৰু এটুকুৰা ডেটল চাবোন সাহায্য হিচাবে আগবঢ়ায় ৷

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল লাভৰ বঞ্চিত ১৪ টা পৰিয়ালক উত্তৰ লখিমপুৰত সাগৰ দাস নামৰ আন এজন ব্যক্তিয়ে খাদ্য সামগ্ৰী যোগান ধৰে ৷ উল্লেখ্য যে, পৌৰ এলেকাৰ ১৪ নং ৱাৰ্ডৰ এই পৰিয়াল সমূহৰ মাজত লকডাউনৰ বাবে খাদ্য সামগ্ৰীৰ নাটনি হৈছিল।