অসম

লখিমপুৰত নকল সোণ-টকাৰ বিৰুদ্ধে অভিযান, আৰক্ষীৰ জালত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, লালুকঃ লখিমপুৰ জিলাৰ নাওবৈচা, বঙালমৰাৰ বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাই থকা অসামাজিক চক্ৰ উৎখাতৰ বাবে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত অব্যাহত থকা অভিযানত শেহতীয়াকৈ আৰু এক ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে লখিমপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুৰ নেতৃত্বত আৰু নাওবৈচা আৰক্ষী চকীৰ প্ৰভাৰী উত্তম অধিকাৰীৰ সহযোগত চলোৱা যুটীয়া অভিযানত নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত মহঘুলিৰ আব্দুল আলীৰ পুত্ৰ চাহেদ আলীক(২১) আৰক্ষীয়ে হাতে লুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

ধৃত চাহেদ আলী নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত ওতঃপোত ভাৱে জড়িত আছিল৷ উল্লেখ্য যে, লখিমপুৰ জিলা আৰক্ষীয়ে অব্যাহত ৰখা এই অভিযানত ইতিমধ্যে ২৩জন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে৷