অসম

লখিমপুৰত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃহস্পতিবাৰে বিয়লি অচিনাক্ত ব্যক্তিৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লালুক আৰক্ষী থানাৰ অন্তৰ্গত এঘাৰ মাইল (হাৰিবৰ)ত ঘাইপথৰ দাঁতিত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে নাওবৈচা খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ নিয়াৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। প্ৰায় ৫০ বছৰীয়া মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।