অসম

লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে দাখিল কৰিলে মনোনয়ন

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে। কেইবাহাজাৰো সমৰ্থক সহ মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ নেতাজনে। ৩ টা পৰ্যায় হ'বলগা ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে সকল ৰাজনৈতিক দল। প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'বলগা লখিমপুৰ সমষ্টিত মনোনয়ন দাখিল কৰিয়ে প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰে।

কংগ্ৰেছ প্ৰাৰ্থীজনক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই। লখিমপুৰ জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া জীৱন বি-ৰ হাতত মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, ২ প্ৰাক্তন বিধায়ক ক্ৰমে ৰাজু চাহু আৰু দুৰ্গা ভূমিজ। লখিমপুৰ জিলা কংগ্ৰেছ সভাপতি জয় প্ৰকাশ দাসৰ লগতে কেইবাজনো কংগ্ৰেছ নেতা তথা সমৰ্থকেও এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে।

মুঠ ৯ টা বিধানসভা সমষ্টিৰে গঠিত লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিশেষ শিক্ষাগত অৰ্হতা নাথাকিলেও ধনৰ বলত তেওঁ প্ৰাৰ্থিত্ব পোৱা বুলি চৰ্চা হৈছে। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ।