অসম

লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট…

asomiyapratidin

ডিজিটেল সংবাদ, বগীনদীঃ শুকুৰবাৰে লখিমপুৰ জিলাৰ বগীনদী সদৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চাউলধোৱা-বগীনদী আঞ্চলিক ছাত্ৰ সন্থা আৰু কদম আঞ্চলিক ছাত্ৰ সন্থাই দিনৰ ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সন্থাৰ শতাধিক সদস্যই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তথা বিজেপি, আৰ এছ এছ, এ বি ভি পিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে৷

সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক কমলা শৰ্মাই মন্তব্য কৰে যে, হিমন্ত বিশ্ব শৰ্মা এজন বদমাচ, ধূৰন্ধৰ মানুহ৷ আছুৰ মজিয়াৰ পৰা তেওঁ বহিস্কৃত হৈছিল৷ সৰ্বানন্দ সোণোৱাল এতিয়া জাতীয় নায়ক হৈ থকা নাই, জাতীয় খলনায়কত পৰিণত হৈছে৷ অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণৰ দৰে জাতিদ্ৰোহীক সময়ে ক্ষমা নকৰে বুলি ছাত্ৰ সন্থাৰ উপদেষ্টা মনোজ হাজৰিকাই ক্ষোভ উজাৰে৷ লগতে কেব গৃহীত হ'লে অসম জ্বলিব বুলি প্ৰতিবাদস্থলীৰ পৰা স্পষ্ট কৰি দিয়ে তেওঁ৷