অসম

লখিমপুৰত প্ৰলয়ংকৰী বানৰ তাণ্ডৱৰ মাজতে নৌকা খেল প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাত যি সময়ত নিপকোসৃষ্ট প্ৰলয়ংকৰী বানে অৰ্ধশতাধিক গাওঁ প্লাৱিত কৰি লক্ষাধিক জনতাৰ জীৱন-সম্পত্তিৰ বিস্তৰ ক্ষতি কৰিছে, ঠিক সেই সময়তে লখিমপুৰ জিলাখনৰে একাংশ বানাক্ৰান্ত‌ নামি পৰিছে মনোৰঞ্জনৰ পথাৰত।

দেওবাৰে জিলাখনৰ বঙালমৰাৰ মহঘুলিত একাংশ বন্যাৰ্ত‌ই নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰে।হাজাৰ হাজাৰ দৰ্শকে এই নাও খেল উপভোগ কৰি উৎফুল্লিত হৈ পৰে। প্ৰত্যেক বছৰেই মহঘুলিত নৌকা খেলৰ এক ঐতিহাসিক পৰম্পৰা আছে। এই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ দেওবাৰে বিএমপি গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ প্ৰতিনিধি অধিবক্তা আবু শ্বহীদ আৰু পাভ জিলা পৰিষদৰ প্ৰতিনিধি নুৰুজ্জামান হক চৌধুৰীৰ প্ৰচেষ্টাত প্ৰতিযোগিতাখনি শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়।

বিভিন্ন স্থানৰ দহটাতকৈ অধিক দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ বিজয়ী আতিকুল ইছলামৰ দলক পাঁচ হাজাৰ নগদ ধনৰে পুৰষ্কৃত কৰাৰ বিপৰীতে ৰানাৰ্চ আপ দলক দুই হাজাৰ টকাৰে সন্মানিত কৰা হয়।দুয়োজন প্ৰতিনিধি আবু শ্বহীদ আৰু নুৰুজ্জামান হক চৌধুৰীৰ উক্ত প্ৰশংসনীয় পদক্ষেপক দৰ্শকে ভূয়সী প্ৰশংসা কৰে।