অসম

লখিমপুৰ কৃষি গৱেষণা কেন্দ্ৰৰ অভিনৱ পদক্ষেপ, বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱকক ধানৰ বীজ প্ৰদান, “খেতি কৰো আহক’’ শীৰ্ষক বিশেষ উদগনি মূলক আঁচনি

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ লকডাউনৰ বাবে বহিঃ ৰাজ্যত কৰ্ম সংস্হাপন হেৰুৱাই স্ব-গৃহলৈ উভতি অহা যুৱক সকলক ৰাজ্য চৰকাৰে সংস্হাপন বা কামত লগোৱাৰ আশ্বাস দিছে৷ কিন্তু কেতিয়া এইসকল নিবনুৱাই কৰ্ম সংস্হাপন লাভ কৰিব সেয়া নিশ্চিত নহয়৷ ইতিমধ্যে মহাৰাষ্ট্ৰ কৰ্ণাটক, কেৰেলা, তামিলনাডু আদি ঠাইৰ পৰা লখিমপুৰলৈ কেইবা শতাধিক যুৱকৰ আগমন ঘটিছে৷ লখিমপুৰ প্ৰশাসনৰ মতে বৰ্হি ৰাজ্যৰ কৰ্ম সংস্হাপন হেৰুৱাই লখিমপুৰলৈ উভতিব প্ৰায় অৰ্ধ লক্ষাধিক যুৱক।

কোৰোনা মহামাৰী ভয়াবহতাৰ বাবে কৰ্ম সংস্হাপনহীন হোৱা এই যুৱক সকলক লৈ উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই এক অভিনৱ আঁঁচনি গ্ৰহণ কৰিছে৷ গাঁৱৰ খেতি মাটি এৰি বহিঃৰাজ্যত কোম্পানীত বনুৱা বা চিকিউৰিটি গাৰ্ড হিচাবে কাম কৰা যুৱকসকলক মাটি ডৰা এলাগি নকৰি কৃষি কৰ্ম কৰিবলৈ আহ্বান জনাইছে কৃষি বিজ্ঞানীয়ে৷ এই উদ্দেশ্যত উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই "খেতি কৰো আহক" শীৰ্ষক এক উদগনি মূলক আঁচনি গ্ৰহণ কৰি খেতি কৰিবলৈ আগ্ৰহী যুৱক সকলক উন্নত জাতৰ ধানৰ বীজ যোগানৰ কাৰ্যসূচী হাতত লৈছে।

তদুপলক্ষ্যে কৃষি গৱেষণা কেন্দ্ৰটোত মঙলবাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়াৰ পৰিকল্পনাত এই কাৰ্যসূচী লোৱা হয়৷ লকডাউনত বহিঃৰাজ্যত আৱদ্ধ হৈ স্ব-গৃহলৈ উভতি অহা যুৱক সকলক মঙলবাৰে কৃষি গৱেষণা কেন্দ্ৰৰ ভঁৰাল গৃহত মজুত থকা মাঞ্চুৰি, গীতেশ, ৰঞ্জিত চাব আদি জাতৰ উন্নত ধানৰ বীজ বিতৰণ কৰা হয়৷ মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়াৰ মতে জিলাখনৰ ঢকুৱাখনা আৰু লখিমপুৰৰ যুৱক সকলৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে৷ মঙলবাৰে প্ৰায় ২০ গৰাকী যুৱক এই আঁচনিৰ হিতাধিকাৰী হয়৷