অসম

ৰহাত অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ সম্পূৰ্ণ ৪০ বছৰৰ পিচত ৰহাত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন। ৰহা সূৰ্যৱতী শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া অধিবেশনখনক লৈ আয়োজক সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি।

ৰহাৰ বাটমাৰী পথাৰৰ জোঙাল বলহু ক্ষেত্ৰত অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনৰ বাবে শুকুৰবাৰে বিভিন্ন মাংগলিক কাৰ্যসূচীৰ মাজেৰে লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে বিশিষ্ট গৱেষক, সাহিত্য সভাৰ নগাওঁ জিলাৰ প্ৰাক্তন সভাপতি ড০ নৰেণ কলিতাই।

অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, মুকলি সভা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল, জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোক উপস্থিত থাকে। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে মহিলা শাখাৰ আহ্বানত সভাৰ অধিবেশন অনুষ্ঠিত হ'ব।