অসম

৭০ বছৰে বান-খহনীয়াৰ সৈতে সহাৱস্থান লাইকাবাসীৰঃ খিলঞ্জীয়া জনজাতীয় লোকৰ জীৱনৰ মূল্য বুজি নাপালে এখনো চৰকাৰে…

asomiyapratidin

ডিজিটেল ডেস্ক তিনিচুকীয়াঃ বানপানী আৰু প্ৰৱল গৰাখহনীয়াত বিধ্বস্ত হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত থকা লাইকা বনগাঁৱৰ প্ৰায় শতাধিক খিলঞ্জীয়া পৰিয়াল । বিগত প্ৰায় ৭০ বছৰে বান-গৰাখহনীয়াৰ সৈতে সহাৱস্থান কৰি বিলাই-বিপত্তি নোহোৱা লাইকাবাসীক নতুনকৈ সংস্থাপন কৰিবলৈ কোনো এখন চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰিলে । তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰে পুনৰসংস্থাপন প্ৰক্ৰিয়াত কিছু গতিশীলতা আনিছিল যদিও অৱশেষত সেয়াও তল পৰি ৰৈছে । ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটৰ নতুন চৰকাৰখনে এইক্ষেত্ৰত তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই । যাৰফলত বৰ্তমান তিনিটা ভাগত বিভক্ত হৈ লাইকাবাসীয়ে সংকতজনক জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে ।

এয়া গৰু অথবা গাহৰিৰ গৰাল নহয়, এয়া খিলঞ্জীয়া ভূমিপু্ত্ৰৰ জীয়াই থকাৰ সংগ্ৰামৰ এক কৰুণ ছবি…

পুনৰসংস্থাপনৰ আশাৰে একাংশই যদি নামফাইৰ শিৱিৰত আছে; আন একাংশই লেজাইহোলাৰ শিৱিৰত দুৰ্বিষহ জীৱন কটাইছে । আনফালে পুনৰসংস্থাপনৰ আশা ত্যাগ শতাধিক পৰিয়ালে পুৰণি গাঁওখনৰ মোহত উভতি গৈছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ । শেহতীয়া ভদীয়া বানত প্ৰতিনিয়ত সংগ্ৰামৰ মাজেৰে এসাজ খাই এসাজ নাখায় নেদেখাজনক সাৰথি কৰি চকুলো টুকি সময় পাৰ কৰিছে লাইকাৰ এইসকল খিলঞ্জীয়া মিচিং ভূমিপুত্ৰই । বহু পৰিয়ালৰ চাংঘৰৰ ভিতৰত পানী সোমোৱাত আশ্ৰয়হীন হৈ পৰিছে । উপযুক্ত তথা ওখ স্থান বিছাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । কিছুসংখ্যকে চাংঘৰৰ ভিতৰতে চাং সাজি সাগৰসদৃশ পৰিৱেশৰ মাজত জীৱন মৰণৰ যুঁজত লিপ্ত হৈছে । নাই বিশুদ্ধ খোৱাপানী, নাই পৰ্যাপ্ত খাদ্য, নাই চিকিৎসা । চকুলো টুকাৰ বাহিৰে যেন গত্যন্তৰ নাই এইসকলৰ ।

চকুৰে নেদেখিলে বুজাব নোৱাৰা লাইকাবাসীৰ এই হৃদয়বিদাৰক বাস্তৱ ছবিখন প্ৰত্যক্ষ কৰি ভয়ংকৰ অভিজ্ঞতা লাভ কৰিলে 'অসমীয়া প্ৰতিদিন' কাকত আৰু 'প্ৰতিদিন টাইম'ৰ চাবুৱাৰ সাংবাদিক বিশ্বজিত ফুকনে । সহযোগী কেমেৰাপাৰ্চন ৰনদ্বীপৰ সৈতে বাতৰি সংগ্ৰহ কৰিবলৈ লাইকালৈ যোৱা বিশ্বজিতে লাইকাবাসীৰ দু্ৰ্দশা প্ৰত্যক্ষ কৰিলে । ৩ ঘণ্টাতকৈ অধিক সময় ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল সোঁতৰ মাজেৰে লাইকাত উপস্থিত হোৱা সাংবাদিকগৰাকীয়ে ভয়াবহ পৰিবেশৰ মাজত মৰণকো পণ কৰি এটা নিশা নাৱত কটায় । সাগৰসদৃশ পৰিৱেশৰ মাজত নৈৰ কোবাল সোঁতত এটা নিশা কটোৱাটো কিমান ভয়ংকৰ সেই অভিজ্ঞতা উল্লেখ কৰি তেওঁ এনে পৰিৱেশ-পৰিস্থিতিৰ মাজত লাইকাবাসীয়ে কিদৰে জীৱন সংগ্ৰামত ব্ৰতী হৈ আছে সেয়া সহজে অনুমেয় বুলি কয় ।

স্বাধীনতাৰ ৭৪ টা বছৰ অতিক্ৰম কৰিলে দেশে। বিশ্ব গুৰু হোৱাৰ সপোন দেখা এই দেশত এতিয়াও মৌলিক অধিকাৰৰ পৰাই বঞ্চিত খিলঞ্জীয়া….

বৃদ্ধাৰ পৰা কেঁচুৱালৈ বহুলোক অসুস্থ হৈ পৰিছে যদিও লাইকাৰ দুৰ্গম অঞ্চলত চিকিৎসা সেৱা লাভ কৰাটো দুৰূহ হৈ পৰিছে । চিকিৎসাৰ হেতু তিনিচুকীয়ালৈ অহাৰ বাহিৰে গত্যন্তৰ নাই যদিও একোখন টুলুঙা নাৱত প্ৰায় ৩ ঘণ্টা নদীৰ কোবাল সোঁতত তিনিচুকীয়ালৈ অহাটো প্ৰায় অসম্ভৱ । তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এইদৰে হাবু-ডুবু খাই চুলিৰ আগত জীউ লৈ জীৱন সংগ্ৰামত অৱতীৰ্ণ লাইকাবাসীক পুনৰসংস্থাপন দিবলৈ ৰাজ্য চৰকাৰে কিয় হোহকা-পিচলা কৰিছে সেয়া জনা নাযায় যদিও এখন স্বাধীন দেশৰ খিলঞ্জীয়া নাগৰিকে বছৰ বছৰ ধৰি এইধৰণে শংকাৰ মাজত দিন কটাবলৈ বাধ্য হোৱাটো কিমানদূৰ যুক্তিসংগত সেয়া বিবেচনাৰ বিষয় হিচাপে চিহ্নিত হৈছে । কিয়নো ৰাষ্ট্ৰসংঘইও খিলঞ্জীয়াৰ অধিকাৰ তথা সাংবিধানিক মৰ্যদাৰ ক্ষেত্ৰত ভালেখিনি নীতি-নিৰ্দেশনা জাৰি কৰি থৈছে । তদুপৰি এই বিষয়ত মানৱ অধিকাৰ আয়োগৰ কৰণীয় সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হৈছে ।