অসম

ধুবুৰীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি ধুবুৰী জিলা প্ৰশাসনে সীমান্ত চেতনা মঞ্চৰ সহযোগত বুধবাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়৷ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা উলিওৱা শোভাযাত্ৰাটোৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত দিবাকৰ নাথে৷

শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্তগৰাকীয়ে কয় যে চাৰিশ বছৰীয়া জয়ন্তীত বীৰ লাচিত বৰফুকনক স্মৰণ কৰি আয়োজন কৰা শোভাযাত্ৰাৰ জৰিয়তে ধুবুৰীত বাস কৰা বিভিন্ন সম্প্ৰদায়ক সামৰি ধুবুৰীত বিৰাজ কৰা সম্প্ৰীতিৰ ছবিখন প্ৰতিফলিত কৰিব বিচৰা হৈছে৷ জিলা উপায়ুক্তগৰাকীয়ে শোভাযাত্ৰা মুকলি কৰাৰ লগতে সমগ্ৰ পথছোৱাত শোভাযাত্ৰাটোৰ নেতৃত্ব দিয়ে৷ প্ৰায় ছয় কিলোমিটাৰ পথ অতিক্ৰম কৰা শোভাযাত্ৰাটোত কেইবাহেজাৰ শিক্ষাৰ্থী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে৷

ধুবুৰী টাউনৰ অধিকাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সংগঠনেও নিজ নিজ বেনাৰ লৈ বীৰ লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনাই শোভাযাত্ৰাত ভাগ লয়৷ শোভাযাত্ৰাৰ মাজতে লাচিত বৰফুকনৰ জীৱন আধাৰিত বাটৰ নাটো প্ৰদৰ্শন কৰা হয়৷ জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী আৰু ধ্ৰুৱজ্যোতি দাস প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়েও উৎসাহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিমল অছৱাল, ধুবুৰী-গৌৰীপুৰ উন্নয়ণ প্ৰাধিকাৰীৰ অধ্যক্ষ দীপক সাহা প্ৰমুখ্যে স্থানীয় বহু নেতৃস্থানীয় ব্যক্তিয়েও শোভাযাত্ৰাত ভাগ লয়৷

জিলা প্ৰশাসনে যোৱা ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰি থকা বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ কাইলৈ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব৷ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত লাচিত বৰফুকন সন্দৰ্ভত বক্তৃতা দিব কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ'ব৷ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাৰ পুৰস্কাৰো কাইলৈৰ অনুষ্ঠানতে বিতৰণ কৰা হ'ব৷

আৰু পঢ়ক: মায়ঙৰ হিলৈখুন্দাত অচিনাক্ত যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ...