অসম

গোলাঘাটৰ জামুগুৰি চাহ বাগিছাত শ্ৰমিক বিদ্ৰোহ!

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা দিনাই শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু জামুগুৰি চাহ বাগিচাৰ মালিক ৰাজেশ বাজাজৰ প্ৰতিমূৰ্তি দাহ গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত। চাহ শ্ৰমিকৰ দাবী মানি নল'লে অসম চৰকাৰৰ প্ৰতিজন মন্ত্ৰী,বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰাৰ ভাবুকি প্ৰতিবাদী চাহ শ্ৰমিকৰ।

হিমন্ত বিশ্ব শৰ্মাৰ মুৰ্দাবাদ, অজন্তা নেওগ মুৰ্দাবাদ, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদে নিৰ্বাচন বৰ্জন ভাবুকি চাহ জনজাতি ছাত্ৰ সন্থাৰ। ন‍্যাৰ্য আৰু প্ৰাপ্য মজুৰিৰ আদায় দিয়াৰ প্ৰতিবাদত এই কাৰ্য‍্যসূচী ৰূপায়ণ।

ক'অপাৰেটিভ এপেক্স বেংক কেলেংকাৰীত নাম সাঙুৰ খোৱা বিৰ্তকিত ব্যৱসায়ী ৰাজেশ বাজাজে জামুগুৰিৰ চাহ বাগিচাৰ শ্ৰমিকক তিনিমাহ ধৰি প্ৰাপ্য মজুৰিৰ পৰা শ্ৰমিকক বঞ্চিত কৰি ৰখাৰ লগতে ২০২২ চনৰ পৰা বঞ্চিত ৰাখিছে বোনাচসহ অন্যান্য সা-সুবিধাৰ পৰা।

গোলাঘাট জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ লৈকে স্মাৰক পত্ৰ দিছে যদিও আজিৰ পৰ্যন্ত গা লৰা নাই চৰকাৰৰ। অতি সোনকালে জামুগুৰিৰ চাহ শ্ৰমিকৰ ন‍্যায‍্য, প্ৰাপ্য আদায় নিদিলে নিৰ্বাচন বৰ্জনৰ ভাবুকি শ শ চাহ শ্ৰমিকৰ ।