অসম

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শ্ৰমিক শৰৎ বৰাৰ মৃত্যুত শোক প্ৰকাশ শ্ৰমিক ৰাইজৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰ প্ৰকল্পত দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰিছে চেপা উত্তেজনাই ৷ শোধনাগাৰৰ সুৰক্ষাজনিত গাফিলতিৰ বাবে স্বতঃস্ফূৰ্ত কৰ্মবিৰতি শ্ৰমিকৰ ৷

নুমলীগড় শোধনাগাৰ প্ৰকল্পত মঙলবাৰে বৃহৎ পাইপৰ দ’মৰ পৰা পাইপ বাগৰি থিতাতে মৃত্যু হয় পঞ্জাৱ ইঞ্জিনীয়াৰিং কোম্পানীৰ শ্ৰমিক শৰৎ বৰা ৷ ইয়াৰ পিছতে সমগ্ৰ এন আৰ এল প্ৰকল্পৰ ভিতৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ৷

বুধবাৰে এন আৰ এলৰ হাজাৰ হাজাৰ শ্ৰমিক একত্ৰিত হৈ পুৱাতেই শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰ আৰু প্ৰগতি দুৱাৰত দ্বাৰ অবৰোধেৰে দ্বাৰসভা অনুষ্ঠিত কৰি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন,নুমলীগড় শোধনাগাৰ ৱৰ্কাৰচ ইউনিয়নসহ কেইবাটাও শ্ৰমিক সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

অহা ১৪ দিনৰ ভিতৰত ঘটনাৰ তদন্ত কৰি দোষী কোম্পানীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ লগতে মৃত শ্ৰমিক শৰৎ বৰাৰ পৰিয়ালক এন আৰ এলৰ পৰা ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায় ৷ আনহাতে শৰৎ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশেৰে শ্ৰমিক ৰাইজে শোক সভা অনুষ্ঠিত কৰি পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰে ৷

ইয়াৰ পিছতে শ্ৰমিক সকলে আজি স্বতঃস্ফূৰ্ত ভাবে কৰ্মৰ পৰা বিৰত থাকি শ্ৰমিক সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায় ৷