অসম

ৰাজ্যৰ কোন কোন জিলাত বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। যাৰ প্ৰতি দৃষ্টি ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী আৰু বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় অৰ্থাৎ পঞ্চম শ্ৰেণীলৈকে থাকিব বন্ধ। অহা ১৯ এপ্ৰিল, ২০২১ৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে বন্ধ ৰাখিব লাগিব প্ৰাথমিক বিদ্যালয়সমূহ।

ইফালে, শিক্ষা বিভাগেও জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ জাননী। ৰাজ্যৰ শিক্ষা বিভাগে অসমত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী আৰু  বেচৰকাৰী এল পি স্কুলসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, অসমৰ যিবোৰ জিলাত বৰ্তমানেও ১০০তকৈ অধিক কোভিড পজিটিভ ৰোগী আছে সেই জিলাসমূহত প্ৰযোজ্য হ'ব এই নিয়ম। অৱশ্যে যিবোৰ জিলাত ১০০তকৈ কম সংখ্যক কোৰোনা ৰোগী আছে সেই জিলাসমূহত প্ৰশাসনে বান্ধি দিয়া নিয়মবোৰ মানি বিদ্যালয় খুলিব পাৰিব। ১৭ এপ্ৰিল, ২০২১ৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈ প্ৰযোজ্য হ'ব এই নিৰ্দেশ।