অসম

ভুৱা জবকাৰ্ডেৰে লাখ লাখ টকাৰ লুন্ঠন চলোৱা পঞ্চায়তৰ বিৰুদ্ধে পথলৈ ওলাই আহিল কুৰুৱাবাহীৰ জনতা…

asomiyapratidin

ডিজিটেল সংবাদ, কুৰুৱাবাহীঃ ভুৱা জবকাৰ্ডৰে লক্ষাধিক টকাৰ লুণ্ঠন চলোৱা বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সচিব পৰেশ গন্ধীয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে মুকলিকৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ৷ অসমীয়া প্ৰতিদিনত পঞ্চায়তখনৰ জবকাৰ্ডৰ কেলেংকাৰীৰ বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলা পঞ্চায়তখনৰ ৫নং আৰু ৬নং ৱাৰ্ডৰ মাজেদি যোৱা পথত অৱস্থান গ্ৰহণ কৰে৷

অঞ্চলটোৰ ৰাইজে কয় যে- আজি কাকতত বাতৰিটো প্ৰকাশ পোৱাৰ পাছতে ৰাইজ অৱগত হয় যে এদিনো কাম নকৰাকৈ বহুগৰাকী পঞ্চায়ত সদস্যই জবকাৰ্ডৰ ধন লাভ কৰিছে৷ ইয়াৰ বিপৰীতে অঞ্চলটোৰ বহুকেইগৰাকী পুৰুষ-মহিলাই যোৱা জানুৱাৰী-ফ্ৰেব্ৰুৱাৰী মাহতেই কাম কৰিছে যদিও আজি পৰ্যন্ত এপইচাও লাভ কৰা নাই৷ আনকি, জবকাৰ্ডসমূহ পঞ্চায়তৰ তৰফৰ পৰা জমা ৰখাৰ পাছতো কোনো পঞ্জীয়ন কৰা নাই৷

এনে বিভিন্ন বেমেজালিৰ বিপৰীতে কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্যা ৰুক্মিণী চাহু, ১০ নং ৱাৰ্ডৰ সদস্য অজিত দাস, ৭নং ৱাৰ্ডৰ সদস্য নাৰায়ণ দাস আৰু ৩নং ৱাৰ্ডৰ সদস্য ৰশ্মি বৰাই এদিনো কাম নকৰাকৈ নিজৰ বেংক একাউণ্টত সুমুৱাইছে জবকাৰ্ডৰ ধন৷ আনকি, এই পঞ্চায়ত সদস্যসকলৰ একাংশই ২০১৯ বৰ্ষৰ ১ এপ্ৰিলৰ ২৮ মে' পৰ্যন্ত মুঠ ৯২ দিনৰ কাম কৰিছে বুলি দেখুওৱা হৈছে৷ কিন্তু, প্ৰকৃত জবকাৰ্ডৰ বহুগৰাকী হিতাধিকাৰীক বঞ্চিত কৰি এদিনো কাম নকৰাকৈ এই ৱাৰ্ড সদস্য গৰাকীয়ে জবকাৰ্ডৰ ধন লাভ কৰাৰ ৰাইজ ক্ষোভিত হৈ পৰে৷

ৰাইজে জনোৱা অনুসৰি, জবকাৰ্ডৰ অধীনত কোনে কিমান দিন কাম কৰিছে, সেয়া চোৱাচিতা কৰে পঞ্চায়তৰ সচিবে৷ সেইমতে, জবকাৰ্ডৰ পঞ্জীয়ন, উপস্থিতিৰ সংখ্যা আদি সকলো কম্পিউটাৰ সহায়কে যুগুত কৰি দিয়াৰ পাছত সেয়া পঞ্চায়তৰ সভাপতি-সচিবৰ দ্বাৰা পৰীক্ষা কৰা হয়৷ সেইমতেই জবকাৰ্ডৰ গৰাকীয়ে কাম কৰাৰ বিনিময়ত ধন লাভ কৰে৷ কিন্তু, আশ্চৰ্যজনকভাৱে এদিনো কাম নকৰাকৈয়ে উক্ত চাৰিগৰাকী ৱাৰ্ড সদস্যই জবকাৰ্ডৰ ধন কেনেকৈ লাভ কৰিছে বুলি প্ৰশ্ন তুলিছে৷

ইফালে, ৰাইজে কয় যে পঞ্চায়তখনত জবকাৰ্ডৰ নামত ভয়াবহ দুৰ্নীতি সংঘটিত হৈছে৷ কেৱল কেইগৰাকীমান সদস্যই নহয়, বহু জবকাৰ্ড ভুৱাকৈ দেখুৱাই চৰকাৰী ধন আত্মসাৎ কৰিছে পঞ্চায়তৰ সচিবগৰাকীয়ে৷ আনহাতে, জীপাল কৃষক-শ্ৰমিক সংঘৰ একাংশ সদস্য প্ৰতিবাদথলীত উপস্থিত হৈ পঞ্চায়ত সচিব পৰেশ গন্ধীয়া নামৰ চৰকাৰী চোৰৰ দ্বাৰা সংঘটিত হোৱা ভয়াবহ লুণ্ঠনৰ উচিত বিচাৰৰ দাবী জনায়৷

সংগঠনটোৰ উপদেষ্টা মণ্টু বৰা আৰু এগৰাকী কৰ্মকৰ্তা তিলক দাসে কয় যে- দীৰ্ঘদিন ধৰি কুৰুৱাবাহী গাঁও পঞ্চায়তত ভয়াবহ কেলেংকাৰী সংঘটিত হৈ আহিছে৷ এইক্ষেত্ৰত মাত মাতিব গ'লেই পঞ্চায়তৰ সভাপতি-সচিবে অভব্য আচৰণ কৰে৷ আনহাতে, দুখীয়া ৰাইজৰ পেটৰ ভাত কাঢ়ি খাইছে পঞ্চায়তৰ সচিব পৰেশ গন্ধীয়াৰ লগ হৈ সভাপতি ৰূপা বৰাই৷

বিগত কেইবা বছৰৰ লগতে শেহতীয়াকৈ ২০১৭-১৮, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰাই পঞ্চায়তখনত বিভিন্ন লুণ্ঠন চলি আছে যদিও এইক্ষেত্ৰত গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ পূৰ্বৰ বিষয়াসকলৰ দৰেই বৰ্তমানৰ খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰৰ ভূমিকা ৰহস্যজনক বুলিও সংগঠনটোৱে অভিযোগ কৰে৷ আনহাতে, সম্প্ৰতি চৰকাৰী চোৰৰ ঘাটিত পৰিণত হোৱা কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভাপতি-সচিবৰ বিৰুদ্ধে বোকাখাতৰ মহকুমাধিপতিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে সংগঠনটোৱে৷