অসম

৩ অভিযুক্তসহ এছ পি সঞ্জিত কৃষ্ণক ন্যায়িক জিম্মালৈ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল এছ আই প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰে জড়িত পূৰ্বৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ। বুধবাৰে আৰক্ষী অধীক্ষকগৰাকীৰ লগতে আন ২ অভিযুক্ত ক্ৰমে- সুৰোজ শৰ্মা আৰু জয়দ্বীপ বৰুৱাকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে, নাটকীয়ভাৱে আৰক্ষী মুখ্য কাৰ্যালয় উলুবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা কুমাৰ সঞ্জিত কৃষ্ণক ৫ দিনৰ জিম্মাত লৈছিল চিআইডিয়ে। তাৰপাছতে তেওঁক জেৰা কৰিছিল আৰক্ষী শীৰ্ষ বিষয়াই। ৪০ লাখ টকা বিনিময়ত ৰুবুল হাজৰিকাৰ হাতত প্ৰশ্নকাকত তুলি দিছিল বুলি অভিযোগ উত্থাপন হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ত অলকেশ বৈশ্যই জামিন বিচাৰি আৱেদন জনাইছিল যদিও, ন্যায়ালয়ে সেই আৱেদন নাকচ কৰে । বৈশ্য আছিল এছ আই কেলেংকাৰীৰ অভিকেন্দ্ৰ হৈ পৰা থেংকইউ ল'জৰ স্বত্বাধিকাৰী।