অসম

কোৰোনাৰ মহাসংকটৰ মাজতে ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোৰোনা সন্ত্ৰাসৰ মাজতে বুধবাৰে কোকৰাঝাৰত অনুষ্ঠিত হ'ল ইউপিপিএল দলৰ পঞ্চম প্ৰতিষ্ঠা দিৱস। ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে ইউপিপিএল দলৰ উপসভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে ।


প্ৰতিষ্ঠা দিৱৰ কাৰ্যসূচীত অংশ লৈ ইউপিপিএল দলৰ উপসভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে এইবাৰ বিটিচিত ইউপিপিএলে ৩০-৩৫ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন কৰে । আনহাতে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভত এয়া ৰাজনৈতিক অপপ্ৰচাৰ বুলি মন্তব্য কৰে ৰৌণগৌৰা নাৰ্জাৰীয়ে ।

ইপিনে ইউপিপিএল দলৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই ইউপিপিএল দলক সকলো শ্ৰেণীৰ ৰাইজে আঁকোৱালি লোৱা কাৰ্যক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।