অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম কন্যাৰ সফলতাঃ শাস্ত্ৰীয় সংগীতত লাভ কৰিলে প্ৰথম স্থান..

asomiyapratidin

ডিজিটেল সংবাদ তেজপুৰঃ  নিজৰ অফুৰন্ত প্ৰতিভাৰে শাস্ত্ৰীয় সঙ্গীতত সৰ্বভাৰতীয় পৰ্য্যায়ত উজলি উঠা তেজপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে সমগ্ৰ অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিছে । সৰুৰে পৰা সংগীত সাধনাৰে জগত জিনাৰ সপোন দেখা কৃষ্টি বৰঠাকুৰৰ এনে কৃতকাৰ্য্যত তেজপুৰবাসী উৎফুল্লিত হৈ পৰিছে।

একাগ্ৰতা ,আগ্ৰহ ,ত্যাগ ,কষ্ট ,প্ৰৱল ইচ্ছা শক্তি আৰু পৰিশ্ৰম কৰিব পাৰিলে যিকোনো অসম্ভৱ কামেই সম্ভৱ হৈ পৰে, প্ৰয়োজন মাথো চেষ্টাৰ । উল্লেখ্য যে ভাৰতৰ বিভিন্ন ৰাজ্যত থকা ১৬৯ খন  মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ক সামৰি এই বৰ্ষৰ ২১ অক্টোবৰ তাৰিখৰ পৰা ২৩ অক্টোবৰলৈকে তিনিদিনীয়াকৈ মধ্যপ্ৰদেশৰ ভূপালত সৰ্বভাৰতীয় পৰ্যায়ত এখনি অনলাইন সংগীত প্ৰতিযোগীতা অনুষ্ঠিত হৈছিল । সেই অনুসৰি তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ভিতৰপৰুৱাস্থিত মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰী কৃষ্টি বৰঠাকুৰে এই  অনলাইন প্ৰতিযোগীতাখনিত শাস্ত্ৰীয় সংগীতৰ শাখাত অংশ লৈ ১৬৯ খন মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ৰ ভিতৰতে প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হয় ।

আনহাতেদি প্ৰতিযোগীতাখনিত  শাস্ত্ৰীয় সংগীতৰ শাখাত হায়দৰাবাদে দ্বিতীয় স্থান দখল কৰে । এই প্ৰতিযোগীতাখনিত অংশ গ্ৰহন কৰাৰ পূৰ্বে  চলিত বৰ্ষৰ ২৬ চেপ্তেম্বৰ তাৰিখৰ পৰা ২৮ চেপ্তেম্বৰলৈকৈ উত্তৰ পুৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত  হোৱা মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ৰ সংগীত প্ৰতিযোগীতাৰ শাস্ত্ৰীয় সংগীত শাখাত অংশ লৈ প্ৰথমস্থান অধিকাৰ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত  প্ৰতিযোগীতালৈ নিৰ্বাচিত হৈছিল। শাস্ত্ৰীয় সংগীতৰ সমান্তৰালকৈ আধুনিক সংগীততো কৃষ্টি বৰঠাকুৰ একাধিকবাৰ বিভিন্নক্ষেত্ৰত নিজৰ প্ৰতিভাৰে জিলিকি উঠিবলৈ সক্ষম হৈছে ।

তেজপুৰৰ নামদেউৰী গাঁৱৰ নিবাসী তথা কলাগুৰু সংগীত মহাবিদ্যালয়ৰ কন্ঠ বিভাগৰ শিক্ষক নিৰূপ বৰঠাকুৰ আৰু শান্তা বৰঠাকুৰৰ কন্যা কৃষ্টি বৰঠাকুৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ কন্ঠৰ আৰু সৃজনী সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া নৃত্য বিভাগৰ ছাত্ৰী । ইয়াৰ পূৰ্বেও কৃষ্টি বৰঠাকুৰ নিজৰ প্ৰতিভাৰ বলতে  কেইবাবাৰো সংগীত আৰু নৃত্যত ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে । উল্লেখ্য যে ২০১৯ চনত উৰিষ্যাত ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা লোক নৃত্য প্ৰতিযোগীতাত অংশ লৈ বিহু নৃত্যৰে প্ৰথম স্থান , ২০২০ বৰ্ষত ভাৰত বিকাশ পৰিষদে সৰ্বভাৰতীয় পৰ্য্যায়ত আয়োজন কৰা সংগীত প্ৰতিযোগীতাত দ্বিতীয় স্থান আৰু ২০১৯ চনত শোণিতপুৰ জিলা প্ৰশাসনে জিলা ভিত্তিক আয়োজন কৰা দেশপ্ৰেম মুলক সংগীত প্ৰতিযোগীতাত প্ৰথম স্থানৰ লগতে আঞ্চলিক ভিত্তিক প্ৰতিযোগীতা সমুহতো বিভিন্ন স্থান দখল কৰি আহিছে ।

সংগীতৰ প্ৰতিযোগীতাত সফলতাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ক্ৰিষ্টি বৰঠাকুৰক তেজপুৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু গোস্বামীৰ লগতে ড° শোণিতকুমাৰ মহন্ত আৰু জুলা বৰাই বিশেষভাৱে সহায় কৰি আহিছে।