অসম

কৃষ্ণাইত বন্যহস্তীৰ মুক্ত বিচৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ কৃষ্ণাইৰ ভেলাখামাৰ পথাৰত হাতীৰ মুক্ত বিচৰণক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ। দীৰ্ঘদিন ধৰি তাণ্ডৱৰ সৃষ্টি কৰি অহা অঞ্চলটোত খেতি পথাৰৰ ধান খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে। শনিবাৰে পুৱাও এটা বৃহৎ হাতীৰ জাকে অৱস্থান কৰিছে ধাননি পথাৰত। যাৰ ফলশ্ৰুতিত ধান চপাবৰ বাবে পথাৰত নামিব পৰা নাই কৃষকসকল।

গোৱালপাৰা জিলাৰ কৃষ্ণাইত বহুদিন ধৰি এনেদৰে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকে। বন্যহস্তীয়ে বিনষ্ট কৰিছে সোণোৱালী খেতিপথাৰ৷ উপায়ন্তৰ কৃষকে মূৰে কঁপালে হাত থৈ কান্দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বন্যহস্তীৰ জাকটোয়ে প্ৰতিদিনে খেতিপথাৰত অৱস্থান কৰি সোণগুটি খাই, গছকি বিনষ্ট কৰি আহিছে৷ কিন্তু নিৰ্বিকাৰ বন বিভাগ তথা জিলা প্ৰশাসন। যাৰ ফলত খেতিয়ক সকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ বাৰিষাত কপাঁলৰ ঘাম মাটিত পেলাই কৰা খেতি ফচল পোৱাৰ সময়তে বন্যহস্তীয়ে কৃষকৰ সপোন তচনচ কৰিছে এনেধৰে৷ আনহাতে ৰাইজে ক্ষোভিত হৈ পৰিছে বন বিভাগ তথা চৰকাৰৰ প্ৰতি৷