অসম

কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’…

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নগৰপাৰাৰ বিশিষ্ট সমাজ সেৱক প্ৰয়াত শ্ৰীকান্ত ৰাভাৰ প্ৰথম স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি শনিবাৰে 'পঢ়ুৱৈৰ আড্ডা'শীৰ্ষক স্মৃতি ৰোমন্থন,গল্প -গজৱ আৰু সাহিত্য আলোচনাৰ এক ব্যতিক্ৰম অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰয়াত শ্ৰীকান্ত ৰাভাৰ নিজ বাসভৱনত অনুষ্ঠিত আনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি তথা অন্তৰংগ সাহিত্য চ'ৰাৰ সভাপতি মগেন্দ্ৰ দৈমাৰীয়ে।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ৰাভাৰ জ্যেষ্ঠ পুত্ৰ বাণীকান্ত ৰাভাই আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত শিল্পী পেঞ্চনাৰ হৰেশ্বৰ ৰাভা, ডাঃ দীলিপ ঘোষ, সাহিত্যকৰ্মী দিব্যজ্যোতি ৰাভা, শিল্পী মহেন ৰাভা, সুপ্ৰসাদ ৰাভা, সাংবাদিক নীলমণি শৰ্মা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আড্ডাত অংশ গ্ৰহণ কৰে। লকডাউনৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত অনুষ্ঠানত কবিতা, গল্প , গীত-মাত পৰিবেশন কৰা হয়। অনুষ্ঠানৰ পূৰ্বেই বৃক্ষৰোপন কৰে সাংবাদিক চৈয়দ ৰবিউল হকে।