অসম

কৃষ্ণাইত কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে জব্দ গছৰ কুণ্ডা

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গােৱালপাৰাত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ কাঠৰ ৰমৰমীয়া বেহা৷ কৃষ্ণাই বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই অসম-মেঘালয় সীমান্তৰ খাৰদাংত এটা কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠফলা মিল স্থাপন কৰি দীৰ্ঘদিনৰে পৰা কাঠৰ বেহা চলাই গৈছে৷ এই তথ্য লাভ কৰি কৃষ্ণাই বন বিভাগে আৰক্ষীৰ সহযোগত অসম-মেঘালয় সীমান্তত কাঠফলা মিল উচ্ছেদ কৰাৰ বিপৰীতে ৮০ হেজাৰ টকাৰ গছৰ কুণ্ডা জব্দ কৰে৷

অৱশ্যে কোনো কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ।