অসম

কৃষ্ণাইত পথ সুৰক্ষা সপ্তাহ পালন

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত মঙলবাৰে পথ সুৰক্ষা সপ্তাহ পালন কৰা হয়। সেই উপলক্ষে কৃষ্ণাই থানাই এক সমদল বাহিৰ কৰে।

সমদলকাৰী সকলে কৃষ্ণাই বজাৰৰে সমদল কৰি 'হেলমেট পিন্ধক, গাড়ীৰ চিট বেল্ট বান্ধক, মদ্যপান কৰি গাড়ী চলোৱা বন্ধ কৰক' আদি শ্ল'গানৰে ৰাইজক সজাগ কৰে। সমদলত ৰাইজ, নাগৰিক সমিতি, কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থা আদিয়েও অংশ গ্ৰহণ কৰে।