অসম

পেঞ্চাক চিলাট বিশ্বকাপৰ বাবে নিৰ্বাচিত গোৱালপাৰাৰ কৃষ্ণাইৰ চন্দন ৰাভা

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ বিশ্ব পেঞ্চাক চিলাটঃ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ চন্দন ৰাভা। ভাৰতীয় দলত স্থান পোৱা কৃষ্ণাই শালপাৰাৰ চন্দন ৰাভাক গাঁওবাসীয়ে অভিনন্দন দিয়াৰ লগতে আশীৰ্বাদো প্ৰদান কৰে পুৰুষ মহিলা সকলোৱে।

সকলোৰে আশা চন্দনে ভাল খেল প্ৰদৰ্শন কৰি দেশ তথা অসমলৈ সুনাম কঢ়িয়াই আনিব৷ কিন্তু মালয়েছিয়া আৰু থাইলেণ্ড ভ্ৰমণকালত চন্দনক প্ৰয়োজন লক্ষাধিক টকাৰ৷ গাঁওবাসীয়ে দান বৰঙণিৰে কিছু পৰিমাণে সহায় কৰিছে যদিও সেইখিনিয়ে প্ৰযাপ্ত নহয়।

চন্দনক লাগে অসমবাসীৰ সহায়। প্ৰতিজন লোকে আৰ্থিক ভাৱে সহায় কৰিব পাৰে চন্দনক৷ ষ্টেট বেংকৰ দুধনৈ শাখাৰ একাউন্ট নম্বৰ 35002484127 (আইএফএছচি SBIN0012260)ত সহায় কৰিব পাৰিব।