অসম

কৃষ্ণাইত অবৈধ কয়লা পৰিবাহী ৮ খন বাহন জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ খাৰদাঙত শনিবাৰে নিশা আৰক্ষীয়ে ৪ খন কয়লাভৰ্তি ট্ৰাক জব্দ কৰে ৷ ট্ৰাক কেইখনে অবৈধ ভাৱে মেঘালয়ৰ পৰা কয়লা সৰবৰাহ কৰি কৃষ্ণাই -ৰেচুবেলপাৰা সংযোগী গড়কাপ্তানি পথেৰে কৃষ্ণাই অভিমুখে আহি থকা সময়তে আৰক্ষীয়ে জব্দ কৰে।

ইতিমধ্যে আৰক্ষীয়ে অবৈধ ভাৱে কয়লা কঢ়িয়াই অনা As-01N-7324 ML-07A-7301 নম্বৰৰ কয়লা পৰিবাহী ট্ৰাকৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছে ৷ ইফালে কৃষ্ণাইত আৰক্ষীয়ে ৪ খনকৈ কয়লা ভৰ্তি পিকআপ ভান জব্দ কৰিছে ৷ জব্দ কৰা বাহনখনৰ নম্বৰ ক্ৰমে As-18C-7926, As-18C-9037 আৰু As-18C-8801,As-18C-1279 ট্ৰাক, As-18C-4697 ট্ৰাক, As-18C-8791 পিকআপ ভান


জানিবপৰা মতে, একাংশ কয়লা ব্যৱসায়ীয়ে পুৱতি নিশা অসম-মেঘালয় সংযোগী পথেৰে অবৈধভাৱে কয়লা সৰবৰাহ কৰি আহিছে ৷ সেয়ে আৰক্ষীয়ে তথ্য লাভ কৰি এনে কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই গৈছে ৷