অসম

কৃষ্ণাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই নৈৰ গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ বহুকেইখন অনুষ্ঠান-প্ৰতিষ্ঠান,বাসগৃহ আৰু পথ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে কৃষ্ণাই নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাংশ গাঁও, খেতিপথাৰ প্লাৱিত কৰি ক্ষতি সাধন কৰাৰ পিচত সম্প্ৰতি গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কৃষ্ণাই নৈৰ একেবাৰে কাষতে জ্যোতিনগৰত অৱস্থিত বিবেকানন্দ কেন্দ্ৰ,ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ,পাগলাবাবাৰ আশ্ৰম,একাংশ বাসগৃহ আদিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

ইফালে কৃষ্ণাই নৈৰ কাষৰে যোৱা কৃষ্ণাই-বেলপাৰা গড়কাপ্তানিটো দায়ৰঙত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইফাল দায়ৰঙৰ ৰাজহুৱা শ্মশানখনো গৰাখহনীয়াৰ কবলত পৰিছে। কৃষ্ণাই নৈৰ খহনীয়াত বেতবাৰী, আশুডুবী, চৰ্দাৰপাৰা, মাজগাঁও আদিৰ গঞা ৰাইজ আতংকিত হৈছে।

জানিব পৰামত কৃষ্ণাই নৈৰ পানী যিমানে কমিবলৈ লৈছে গৰাখহনীয়া সিমানে তাণ্ডৱ বৃদ্ধি পাবলৈ ধৰিছে। চৰকাৰ তথা প্ৰশাসনে এই খহনীয়া শীঘ্ৰে ৰোধ নকৰিলে উক্ত অনুষ্ঠান-প্ৰতিষ্ঠান, পথ আৰু বহুজন বাসগৃহ অচিৰে কৃষ্ণাই নৈৰ বুকুত বিলীন হৈ যোৱাৰ সম্ভাৱনা আছে।