অসম

কৃষ্ণাইত বন্যহস্তীৰ তাণ্ডৱ, গৃহহীন চাৰিগাওঁত ৭ টা পৰিয়াল..

asomiyapratidin

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত চাৰিগাওঁত বুধবাৰে পুৱতি নিশা বন্যহস্তীৰ দল এটাই প্ৰৱেশ কৰি তাণ্ডব লীলা চলায়।বন্যহস্তীৰ দলটোয়ে সাতটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তচনচ কৰে।

ইফালে বন্যহস্তীৰ দলটোয়ে প্ৰায় শতাধিক তামোলৰ গছ ভাঙি পেলায়। ঘৰৰ হাহ-কুকুৰাকে ধৰি পোহনীয়া জীৱ-জন্তু আদি মাৰি লণ্ড ভণ্ড কৰে।

জানিব পৰামতে বন্যহস্তীৰ দলটো গাওঁখনৰ কাষতে হাবিত অৱস্থান কৰি আছে। গঞা ৰাইজ আতংকত আছে যদিও বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।