অসম

গোৱালপাৰাৰ কৃষ্ণাইত এখন ব্যতিক্ৰমী বিবাহঃ ঘোঁড়াত উঠি আহিল দৰা, কইনাক আনিলে দোলাত

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ এখন ব্যতিক্ৰমী বিয়া সম্প্ৰতি গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলত সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে৷ নামি দামী গাড়ীৰ সলনি দৰা আহিল ঘোঁড়াত, কইনাক লৈ আনিলে দোলাত। সচৰাচৰ নোহোৱা এই বিবাহ অনুষ্ঠান চাবলৈও ওলাই আহিল বহুজন৷ দৰা লগতে বৰযাত্ৰী নাচিবাগি আহিলে কইনাৰ ঘৰলৈ৷

বৰযাত্ৰীৰ কথা বাদেই বাটৰুৱাও এপাক নাচিলে বৰযাত্ৰীৰ লগত৷ মুঠতে এক ব্যতিক্ৰম পৰিবেশৰ মাজতে শনিবাৰে সম্পন্ন হ'ল আতিকুল আৰু সোণপাহিৰ বিয়া৷ দৰা কৃষ্ণাই মোলানডুবীৰ আতিকুল ইছলাম৷ কইনা নয়াপাৰাৰ সোণপাহি৷ সম্প্ৰতি চলি থকা ব্যৱস্থাৰ বিপৰীতে একপ্ৰকাৰ ৰজা দিনীয়া প্ৰথাৰে সম্পন্ন হ'ল আতিকুল-সোণপাহিৰ বিবাহ৷

ব্যতিক্ৰম এই বিবাহ খনক লৈ এতিয়া কৃষ্ণাই অঞ্চলত সৰ্বত্ৰে চৰ্চা চলিছে৷ দৰাৰ লগত কেইবাশতাধিক আত্মীয় স্বজনেৰে আনন্দ ফুটিৰ মাজৰে উদ্‌যাপন কৰিল এতি স্মৰণীয় দিন৷ পুৰণিৰ সোঁৱৰণিক জীৱন্ত কৰা আতিকুল-সোণপাহি বিবাহে কৃষ্ণাইবাসীক দি গ'ল এক নতুনত্ব সোৱাদ ৷